মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ । NARENDRA MODI

NARENDRA MODI । ২৫ জুলাই দিনটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক জীৱনৰ বাবে অত্যন্ত ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ হৈ পৰিল। কাৰণ, আজিৰে পৰা মোদীয়ে ভাঙি পেলালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ এটা বিশেষ অভিলেখ।

ইন্দিৰা গান্ধী ভাৰতৰ ইতিহাসত প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈ একেৰাহে ৪,০৭৭ দিনৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছিল। কিন্তু নৰেন্দ্ৰ মোদীয়ে সেই অভিলেখ অতিক্ৰম কৰিলে। ২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা মোদীয়ে আজিৰে দিনটোত একেৰাহে ৪,০৭৮ দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলে।

এইদৰে, একেৰাহে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহৰ ক্ষেত্ৰত মোদীয়ে ইন্দিৰা গান্ধীক আঁতৰাই ইতিহাসত নতুন অধ্যায় ৰচিলে। যদিও তেওঁ এতিয়াও পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিব পৰা নাই। নেহৰুই ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈ একেৰাহে ৬,১৩০ দিন দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্যভাৱে, নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ একমাত্ৰ ৰাজনীতিক যিয়ে ২০০১ চনৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে দায়িত্বত আছে। স্বাধীনোত্তৰ ভাৰতত এই ধৰণে ছটা কাৰ্যকাল ধৰি একনাগৰে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা একমাত্ৰ নেতা মোদীহে।

এই অভিলেখ ভংগৰ জৰিয়তে মোদীয়ে কেৱল ব্যক্তিগত ৰাজনৈতিক উচ্চতাৰ নতুন মুকলি কৰিলে নহয়, বৰঞ্চ ভাৰতীয় ৰাজনৈতিক ইতিহাসতো নিজৰ নাম মজবুতকৈ খোদাই ৰাখিলে।

Related Articles