PM narendra modi: দিল্লীক অসমৰ কাষ চপাই অনা প্ৰধানমন্ত্ৰীগৰাকী

অসমৰ(PM narendra modi) এটা প্ৰজন্মই দীৰ্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ-দীঘল হৈছিল৷ সেই সময়ৰ ৰাজনীতি আৰু অভিজ্ঞতাই তেওঁলোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল যে দিল্লীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চায়৷ ই কেৱল এক কাল্পনিক ক্ষোভ নাছিল; ইতিহাসেও ইয়াৰ ভিত্তি প্ৰস্তুত কৰিছিল আৰু চৰকাৰী নীতিসমূহেও প্ৰায়ে ইয়াকে প্ৰতিপন্ন কৰিছিল৷ দশকৰ পিছত দশক ধৰি অসমৰ বহু লোকে অনুভৱ কৰিছিল যে কেৱল সংকটৰ সময়তহে উত্তৰ-পূৰ্বাঞ্চলক মনত পেলোৱা হয় আৰু দেশৰ পৰিকল্পনাৰ সময়ত ৰাজ্যখন সদায় অৱহেলিত হৈ ৰয়৷

মই নিজেও সেই প্ৰজন্মৰে এজন৷ এই অনুভৱ অসমৰ জনমানসত কিমান গভীৰভাৱে শিপাই আছিল, সেই কথা ৰাজহুৱা জীৱনৰ আৰম্ভণিৰ পৰাই মই দেখি আহিছোঁ৷ এনে চিন্তা-ভাবনাই আমাৰ কথা-বতৰাক গঢ় দিছিল, আন্দোলনসমূহক তীব্ৰতৰ কৰিছিল আৰু আশা-আকাংক্ষাক প্ৰভাৱিত কৰিছিল৷ দিল্লীয়ে যে অসমক মাহীআইৰ চকুৰে চায়, এই বিশ্বাস আমাৰ ৰাজনৈতিক শব্দাৱলীৰ এক অংশ হৈ পৰিছিল৷ ই কেৱল ভাষাৰ অলংকাৰ নাছিল, ই আছিল ঐতিহাসিক অভিজ্ঞতাৰ আৱেগিক প্ৰকাশ৷ সেইবাবেই বিগত দশকটোত হোৱা পৰিৱৰ্তনক কেৱল উন্নয়নমূলক পৰিৱৰ্তন বুলি কৈয়েই সামৰিব নোৱাৰি, ই হৈছে এক ঐতিহাসিক ভুলৰ শুধৰণি৷


২০১৪ চনত শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সম্পৰ্কত এক মৌলিক পৰিৱৰ্তনৰ সূচনা হয়৷ তেখেতে এই অঞ্চলটোক দূৰৱৰ্তী সীমান্ত হিচাপে গণ্য নকৰি দেশৰ ৰাষ্ট্ৰীয় চিন্তা-চৰ্চাৰ কেন্দ্ৰলৈ লৈ আনিলে আৰু উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰিলে৷ তেখেতে অসমৰ কৌশলগত স্থিতি আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিলে৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেখেতে এই স্বীকৃতি কেৱল কথাতে আবদ্ধ নাৰাখি বাস্তৱ পদক্ষেপলৈ ৰূপান্তৰিত কৰিলে৷ ই কেৱল আন্তঃগাঁথনিৰ পৰিৱৰ্তনেই নহয়, মানুহৰ মানসিকতাৰো পৰিৱৰ্তন ঘটালে৷ এসময়ত নিজৰ মনত বিচ্ছিন্নতাবোধ পুহি ৰখা প্ৰজন্মটো এতিয়া মূলসূঁতিৰ সৈতে সংযুক্ত হৈ পৰিল৷
ইয়াৰ পিছৰ প্ৰজন্মটো এক নতুন আত্মবিশ্বাসেৰে ডাঙৰ-দীঘল হৈছে৷ আজি অসমৰ যুৱ সমাজে স্বাভাৱিকতে দিল্লী দূৰৈত আৰু আমাৰ প্ৰতি উদাসীন বুলি নাভাবে৷ তেওঁলোকে নিজৰ ৰাজ্যখনক দেশৰ বিকাশ যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ আৰু সুযোগৰ থলী ৰূপে গণ্য কৰে৷ তেওঁলোকে বিশ্বাস কৰে যে, আমাৰ অঞ্চলটোৰ আশা-আকাংক্ষাই এতিয়া প্ৰয়োজনীয় গুৰুত্ব লাভ কৰিছে৷ মানুহৰ মানসিকতাৰ এই পৰিৱৰ্তনেই সম্ভৱতঃ প্ৰধানমন্ত্ৰীৰ অসমলৈ আটাইতকৈ ডাঙৰ অৱদান৷
এই পটভূমিতে আমাৰ উন্নয়নৰ যাত্ৰাৰ সূচনা হৈছে৷


এসময়ত অসমৰ খাৰুৱা তেল ৰাজ্যখনৰ ভিতৰতে শোধন কৰাৰ দৰে এটা সৰু দাবীৰ বাবেও অসমবাসীয়ে আন্দোলন কৰিবলগীয়া হৈছিল৷ তেল শোধনাগাৰ আন্দোলনৰ স্মৃতি আমাৰ ৰাজনৈতিক চেতনাৰ মাজত আজিও সজীৱ হৈ আছে৷ বহুদিনলৈকে অসমৰ সম্পদসমূহৰ বহিৰ্গমন হৈছিল আৰু স্থানীয় মূল্য-সংযোজন অত্যন্ত সীমিত হৈ ৰৈছিল৷ আজি সেই কাহিনী সলনি হৈছে৷ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে৷ এই কাম সম্পূৰ্ণ হ’লে ইয়াৰ বাৰ্ষিক পৰিশোধন ক্ষমতা ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা জ্ঝ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি পাব৷ পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ নতুন পাইপলাইনৰ কাম সম্পূৰ্ণ হোৱাৰ পথত আৰু শক্তিখণ্ডৰ নতুন আন্তঃগাঁথনিয়ে অসমৰ ঔদ্যোগিক সামৰ্থ্য বৃদ্ধি কৰিছে৷ যি এসময়ত বঞ্চনাৰ প্ৰতীক আছিল, সিয়েই এতিয়া ৰূপান্তৰৰ প্ৰতীক হৈ উঠিছে৷


ঔদ্যোগিক পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য৷ জাগীৰোডে এসময়ত কেৱল উদ্যোগ খণ্ডৰ অৱনতিৰ কথাহে মনত পেলাইছিল৷ স্তব্ধ হৈ পৰা নগাঁও কাগজ কল, পৰিত্যক্ত আৱাসিক এলেকা আৰু ঔদ্যোগিক সংস্থাপনৰ ম্লান হৈ পৰা স্মৃতি– এই আটাইবোৰ অসমৰ হতাশাজনক পৰিৱেশৰ অংশ হৈ পৰিছিল৷ কিন্তু ইতিহাসৰ গতি সলনি হ’ব পাৰে৷ বৰ্তমান সেই একে স্থানতে টাটা ইলেকট্ৰনিক্সে ২৭,০০০ কোটি টকা বিনিয়োগেৰে এটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰি আছে৷ এসময়ত উদ্যোগ গঢ়াৰ সপোন মৰহি যোৱা অসমে আজি ছেমিকণ্ডাক্টৰৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত স্থান লাভ কৰিছে৷ এনে কিছুমান কাহিনীয়ে উপেক্ষাৰ পৰা আকাংক্ষালৈ আমাৰ যাত্ৰাক সুস্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে৷
ৰাজ্যখনলৈ ঘূৰি অহা শান্তিও এই নতুন অধ্যায়ৰ অন্যতম কেন্দ্ৰবিন্দু৷


এসময়ত সমগ্ৰ অসমত হিংসা আৰু আতংকই বিৰাজ কৰিছিল৷ উগ্ৰপন্থা, বোমা বিস্ফোৰণ, অপহৰণ আৰু গুলীচালনা আদিয়ে আমাৰ দৈনন্দিন জীৱনক অনিশ্চিত কৰি তুলিছিল৷ তেনে এক পৰিৱেশত পৰ্যটন আৰু বিনিয়োগৰ কথা কল্পনা কৰাটো অসম্ভৱ আছিল৷ কিন্তু শেহতীয়াকৈ বড়ো গোটসমূহৰ সৈতে হোৱা চুক্তি, ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি আৰু কাৰ্বি, আদিবাসী, ডিমাচা তথা অন্যান্য সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিসমূহে বাস্তৱৰ সেই ছবিখন সম্পূৰ্ণ সলাই পেলালে৷ এই চুক্তিসমূহে পুৰণি সংঘাতৰ অন্ত পেলোৱাৰ লগতে নতুন বিশ্বাস গঢ়াৰ পথ মুকলি কৰিছে৷ শান্তিয়ে সম্ভাৱনাক পুনৰুজ্জীৱিত কৰিছে আৰু সম্ভাৱনাই কঢ়িয়াই আনিছে বিনিয়োগ৷


৭৫ খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.ঙ্ম’- য়ে প্ত.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে৷ ৰিলায়েন্স, আদানী, টাটা, বেদান্ত আৰু জিন্দালৰ দৰে আগশাৰীৰ উদ্যোগ গোষ্ঠীসমূহে এতিয়া গুৰুত্বসহকাৰে আৰু নতুন আশা লৈ অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷ কিছুদিন আগলৈকে যিটো কথা অসম্ভৱ যেন লাগিছিল, আজি সেয়া একেবাৰে স্বাভাৱিক হৈ পৰিছে৷ অসমে এতিয়া আৰু কাৰোবাৰ চকুত পৰিবলৈ অপেক্ষা কৰি থকা নাই; বৰঞ্চ ই নিজকে এক অন্যতম প্ৰধান বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে৷ আন্তঃগাঁথনিৰ উন্নয়নেও সেই একেই সত্যকে দোহাৰিছে৷ স্বাধীনতাৰ পিছৰ প্ৰায় সাতটা দশক ধৰি অসমৰ জীৱনৰেখা আৰু ভৌগোলিক গাঁথনিৰ আধাৰস্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখনহে দলং আছিল৷ শেহতীয়া বছৰবোৰত সেই ছবিখন দ্ৰুতগতিত সলনি হৈছে৷ কেইবাখনো নতুন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, বহুকেইখন নিৰ্মীয়মাণ অৱস্থাত আছে– যাৰ ফলত যোগাযোগৰ মানচিত্ৰই নতুন ৰূপ পাইছে৷ অলপতে উদ্বোধন কৰা ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ এনে এক অন্যতম মাইলৰ খুঁটি৷ ধুবুৰী-ফুলবাৰী দলং, যোৰহাট-মাজুলী দলং আৰু শৰাইঘাটৰ তৃতীয়খন দলঙৰ দৰে প্ৰকল্পসমূহে অভূতপূৰ্ব দ্ৰুততাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলক পৰস্পৰৰ সৈতে সংযুক্ত কৰিছে৷


স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো সমানেই গুৰুত্বপূৰ্ণ ৰূপান্তৰ ঘটিছে৷ এসময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা অসমত এতিয়া ‘এইমছ গুৱাহাটী’ৰ দৰে আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান আছে৷ চিকিৎসা মহাবিদ্যালয়সমূহৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ২০২১ চনৰ সাতখনৰ পৰা এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা চৈধ্যখন হৈছে আৰু কেইবাখনো নিৰ্মীয়মাণ অৱস্থাত আছে৷ ৰাজ্যখনে অভাৱৰ পৰা সম্প্ৰসাৰণৰ দিশলৈ, পৰনিৰ্ভৰশীলতাৰ পৰা সামৰ্থ্য বিকাশৰ দিশলৈ গতি কৰিছে৷ পৰিবহণৰ ক্ষেত্ৰতো ৰে’ললাইনৰ দ্বৈতকৰণ, বৈদ্যুতিকীকৰণ, গুৱাহাটী বিমানকোঠৰ নতুন টাৰ্মিনেল, ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ আৰু গুৱাহাটী ৰিং ৰোড– এই সকলোবোৰে উন্নয়নৰ ন-প্ৰত্যাশাক প্ৰতিফলিত কৰিছে৷ কিন্তু এই দলং, বিমানবন্দৰ, কাৰখানা আৰু শোধনাগাৰসমূহৰ উপৰি আন এক পৰিৱৰ্তন ঘটিছে– সেয়া হৈছে আৱেগিক দূৰত্বৰ পৰিৱৰ্তন৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ স্থায়ী অৱদান সম্ভৱতঃ এইয়ে যে তেওঁ এই অঞ্চল আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজৰ মানসিক ব্যৱধান হ্ৰাস কৰিলে৷ তেওঁ কেৱল নীতি নিৰ্ধাৰণ কৰি নহয়, সঠিক দৃষ্টিভংগী আৰু উপস্থাপনাৰে সেয়া সম্ভৱ কৰি তুলিলে৷ যেতিয়া তেওঁ অসমৰ গামোচাখন ডিঙিত লয়, সেয়া কেৱল এক আনুষ্ঠানিক সৌজন্যতা নহয়৷ যেতিয়া তেওঁ কাজিৰঙাত নৈশযাপন কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস গঢ়ে, তেতিয়া ই এক গভীৰ তাৎপৰ্য বহন কৰে৷ তেওঁ বাৰে বাৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে৷ তেওঁৰ ৭৫তকৈও অধিকবাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণে এই অঞ্চল যে ভাৰতৰ ভাগ্যৰ সৈতে সংযুক্ত হৈ আছে, তাৰেই বাৰ্তা বহন কৰিছে৷ আৰু সেই বাৰ্তা আজি সঠিকভাৱে হৃদয়ংগম কৰা হৈছে৷


আজি অসম অধিক আত্মবিশ্বাসী, অধিক সংযুক্ত আৰু অধিক আশাবাদী৷ অৱহেলাৰ পুৰণি ভাষা এতিয়া ক্ৰমান্বয়ে আশাৰ ভাষালৈ ৰূপান্তৰিত হৈছে৷ আৱেগিক গতিপথ সলনি হৈছে– ক্ষোভৰ পৰা অংশগ্ৰহণলৈ, দূৰত্বৰ পৰা আত্মীয়তালৈ৷
১০ জুনত শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি ভাৰতৰ আটাইতকৈ দীৰ্ঘদিন ধৰি নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস গঢ়িব৷ ই ৰাষ্ট্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষণ৷ অসমেও নিজাকৈ গভীৰভাৱে ইয়াৰ গুৰুত্ব অনুভৱ কৰিছে৷ এয়া এজন নেতাৰ ঐতিহাসিক অৱদানক স্বীকাৰ কৰাৰ এক উপযুক্ত ক্ষণ, যিগৰাকীৰ কাৰ্যকালত অসমে কেৱল আন্তঃগাঁথনিৰ উন্নয়নকে প্ৰত্যক্ষ কৰা নাই; ভাৰতৰ ভিতৰত নিজৰ স্থান আৰু মৰ্যাদাৰে এক নতুন আত্মবিশ্বাসো লাভ কৰিছে৷


এই ঐতিহাসিক সফলতাৰ ক্ষণত তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ মই সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু নিৰন্তৰ শক্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, যাতে একেই দূৰদৰ্শিতা, দৃঢ়তা আৰু উৎসৰ্গিত মনোভাৱেৰে তেখেতে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰি যাব পাৰে৷

– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Related Articles