Narendra Modi: চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ প্ৰধানমন্ত্ৰী

কলিয়াবৰৰ (Narendra Modi) মৌচন্দা পথাৰত এতিয়া যুদ্ধকালীন ক্ষিপ্ৰতা৷ ৰাজ্যৰ মন্ত্ৰী-বিষয়াৰ পৰা মিত্ৰজোঁটৰ অগপ-বিজেপি দলৰ নেতা-কৰ্মীৰ দিবা-নৈশ ব্যস্ততা কলিয়াবৰত৷ এই ব্যস্তাৰ মাজতে উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ সাধাৰণ সম্পাদক, বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুসহ বিজেপি নেতৃত্ব আৰু মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা৷ সভাস্থলীতে দুই দলীয় কাৰ্যকৰ্তাৰ এক সভা অনুষ্ঠিত হয়৷ সভাত দেশৰ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ সন্দৰ্ভত দুয়োদলৰ নেতা-কৰ্মীৰে আলোচনা সম্পন্ন হয়৷ আলোচনাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়– চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মেটমৰা উপহাৰ লৈ কলিয়াবৰলৈ আহিব৷

আমি অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰীৰ আগমনলৈ বাট চাই আছোঁ৷ কলিয়াবৰবাসী ৰাইজৰ যি আতিথ্যপৰায়ণতা আছে, আৰু আমাৰ ইয়াত যিখন ইয়াত বিশাল সভা হ’ব, সেই সভাত এক লাখ ত্ৰিশ হাজাৰৰৰো অধিক লোক উপস্থিত হ’ব বুলি আশা কৰিছোঁ৷ তাৰ কাৰণে আমি অগপ-বিজেপি দুয়োটা মিত্ৰদলে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ৷ আজি কাৰ্যকৰ্তাসকলৰ মাজত প্ৰস্তুতি সম্পৰ্কে বৈঠকত মিলিত হৈছোঁ৷ কাৰ্যকৰ্তাসকলে দিন-ৰাতি একাকাৰ কৰি সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে চেষ্টা চলাই আছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰায় সাত হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ কাজিৰঙা এলিভেটেড্‌ কৰিড’ৰৰ শিলান্যাস কৰিব৷ ১৭ জানুৱাৰীত গুৱাহাটীৰ বাৰ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া বাগুৰুম্বা নৃত্যানুষ্ঠানতো প্ৰধানমন্ত্ৰী উপস্থিত থাকিব৷ বিহু, ঝুমুইৰ এতিয়া বাগুৰুম্বা, কাইলৈ হয়তো মিছিং বা আন জনগোষ্ঠীৰ নৃত্যও হ’ব৷ গতিকে, অসমৰ চৰকাৰখনে বা দেশৰ চৰকাৰখনে কেৱল দলং, হস্পিতাল, ৰাষ্টা-ঘাট নিৰ্মাণ কৰিছে এনে নহয়, অসমৰ কৃষ্টি-সংস্কৃতিকো জগতসভালৈ নিয়াৰ প্ৰয়াস কৰিছে৷ এনে কিছু অদ্ভুত কাম, যিবোৰ আমাৰ মনতে আছিলে, সেই সকলোবোৰ এই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কৰি দেখুৱাইছে৷ আনহাতে, আজি কলিয়াবৰৰ মৌচন্দা পথাৰৰ প্ৰধানমন্ত্ৰী আগমনৰ কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্ত৷


১৮ জানুৱাৰীত কলিয়াবৰ মৌচন্দা পথাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰায় ৭০০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কাজিৰঙাৰ এলিভেটেড্‌ কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই উপলক্ষে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ এক বিশাল জনসভা৷ প্ৰায় ডেৰ লাখ লোক উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থলী প্ৰস্তুতিৰ বাবে এতিয়া দিনে-নিশেই ব্যাপক তৎপৰতা চলিছে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত৷ সভাস্থলী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে বিভিন্ন চৰকাৰী বিভাগ৷ শনিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকাই সভাস্থলী পৰিদৰ্শন কৰে৷ অহা ১৮ জানুৱাৰী তাৰিখে ভোগালী বিহুৰ সময়তে এক মহৎ উদ্দেশ্য লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী কলিয়াবৰত পদাৰ্পণ কৰিব৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৬৯৯৭ কোটি টকা ব্যয় সাপেক্ষ ৩৪.প্ত কিলোমিটাৰ দৈৰ্ঘ্যৰ এক এলিভেটেড কৰিড’ৰৰ এই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব৷ এই কৰিড’ৰে কলিয়াবৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক আকৰ্ষণীয় পৰিৱৰ্তন হ’ব৷ এই পৰিৱৰ্তনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা আৰু যাতায়াত সূচল কৰিব বুলি সকলোৰে আশা৷ এই সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– প্ৰধানমন্ত্ৰী দুদিন পাছতেই এই মৌচন্দা পথাৰলৈ আহিব৷ কাম তীব্ৰ গতিত আগ বাঢ়িছে৷ কলিয়াবৰৰ ৰাইজৰ শলাগ লৈছোঁ৷ সকলোৱে আমাক সহায় কৰিছে৷ যথেষ্ট দিযহা-পৰমৰ্শ দিছে৷ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপানলোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ৷ ডেৰ লাখতকৈও অধিক লোক অহা ১৮ তাৰিখৰ সভাত উপস্থিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজক সম্বোধন কৰিছোঁ৷ আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰধানমন্ত্ৰীক সম্ভাষণ জনাব, কৃতজ্ঞতা জ্ঞাপন কৰিব৷

Related Articles