Narendra Modi: ১৪ ছেপ্তেম্বৰত নুমলীগড়ত ভাৰতবৰ্ষৰ প্ৰথমখন বায়’ৰিফাইনেৰী দেশৰ বাবে উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

১৪ ছেপ্তেম্বৰত নুমলীগড়ত (Narendra Modi) ভাৰতবৰ্ষৰ প্ৰথমখন বায়’ৰিফাইনেৰী দেশৰ বাবে উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীক আদৰিবলৈ নুমলীগড়ত সৃষ্টি কৰা হৈছে নিম কৰিড’ৰ। পথৰ দুয়োকাষে সুন্দৰকৈ ৰোপণ কৰা হৈছে নিম গছ। নতুনকৈ নিৰ্মাণ কৰা ২.২ কিলোমিটাৰ পথৰ দুয়োকাষে সৰু সৰু নিম গছবোৰ ৰোপণ কৰাৰ এটাই উদ্দেশ্য় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ লগতে এই যাত্ৰাৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈকে এনেদৰে নিম গছৰ পুলিবোৰ ৰোপণ কৰা হৈছে ।অহা ১৪ ছেপ্টেম্বৰত নুমলীগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ উদ্দেশ্যে লেটেকুজান চাহ বাগিচাৰ মাজেৰে নতুনকৈ ২.২ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ।

এই পথৰ দুয়োকাষে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৬০০ টা নিম গছৰ পুলি ৰোপণৰ ব্যৱস্থা কৰিছে। বিধায়ক শইকীয়াই এই পথটো প্ৰধানমন্ত্ৰী নুমলীগড়লৈ অহাৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নিম আলিবাট নামে নামকৰণ কৰাৰ কথা ঘোষণা কৰে । এই গছপুলি ৰোপণ কার্যসূচীত লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ো অংশগ্ৰহণ কৰে ।এই সম্পৰ্কে বিধায়ক মৃণাল শইকীয়াই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়ালৈ আহিব আৰু সেই স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ এই নতুনকৈ নিৰ্মাণ কৰা পথৰ দাঁতিত নিম কৰিড’ৰ নিৰ্মাণ কৰিছো আৰু ইয়াৰ নাম প্ৰধানমন্ত্ৰী নিম আলিবাট হিচাপে নামকৰণ কৰিছো । ইয়াৰ উপৰি ৰাজহুৱা সভাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলি আছে ।

“আনহাতে লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই নিম পুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় ,”১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নুমলীগড়লৈ আহিব । নতুনকৈ নিৰ্মাণ কৰা এই পথেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাত্ৰা কৰিব । বিধায়ক মৃণাল শইকীয়াই এই পথৰ দাঁতিত নিম পুলি ৰোপণ কৰি প্ৰধানমন্ত্ৰীৰ নামত উৎসৰ্গা কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইয়াত এটা নিম পুলি ৰোপণ কৰিব ।

Related Articles