Narendra Modi: সিংহৰ ফটো তুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে

গাড়ীৰ সন্মুখত এহাল সিংহ! গিৰ ছাফাৰীত পিএম মোদীয়ে ফটো তুলিলে সিংহৰ।(Narendra Modi) গুজৰাটত আজি পুৱা জংঘল ছাফাৰী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অৰণ্যৰ ৰজা সিংহ জংঘলত জিৰণি লৈ আছে। পোৱালিবোৰ মাকৰ কাষত থিয় হৈ আছে। সোমবাৰে পুৱা ছাফাৰী কৰা সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সিংহ পৰিয়ালৰ’ৰ এখন ফটো তুলিছিল। তেওঁ সেই ছবিবোৰো টুইটাৰ হেণ্ডেলত পোষ্ট কৰে।

আজি বিশ্বৰ বন্যপ্ৰাণী দিৱস, উদ্ভিদ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয়। সোমবাৰে পুৱা গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি বন্যপ্ৰাণী দিৱস উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। হাতত কেমেৰা লৈও তেওঁ নিজৰ গাড়ীৰে ছাফাৰী কৰে। প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত নিজৰ কেইবাখনো ফটো পোষ্ট কৰাৰ লগতে ছাফাৰী ভ্ৰমণৰ ফটোও প্ৰকাশ কৰিছে।

তিনিদিনীয়া গুজৰাট ভ্ৰমণত আছে মোডী। দেওবাৰে সন্ধিয়া তেওঁ সোমনাথ মন্দিৰ পৰিদৰ্শন কৰে। লগতে ৰিলায়েন্স জামনগৰ শোধনাগাৰ কমপ্লেক্সত অৱস্থিত বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ ‘ভন্তৰা’ পৰিদৰ্শন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বন বিভাগৰ দ্বাৰা পৰিচালিত বন লজত নিশাটো কটায়।

গুজৰাটত সোমবাৰে পুৱা জংঘল ছাফাৰীলৈ ৰাওনা হ’ল মোদী আৰু কেইবাজনো মন্ত্ৰী আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে। জানিব পৰা মতে, ছাফাৰীৰ পাছত মোদীয়ে গিৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ মুখ্য কাৰ্যালয় ছাছান গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ সপ্তমখন বৈঠকৰ অধ্যক্ষতা কৰিব।

Related Articles