ৰাতিৰ আহাৰ গধূলিৰ আগতে খাব লাগে আৰু বহুত সোনকালে শুব লাগে। ঠিক যেনেকৈ এজন খেতিয়কে নিজৰ দৈনন্দিন কাম-কাজ সময়তে কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শৰীৰৰ ওজন কমাবলৈ আৰু সুস্থ হৈ থাকিবলৈ দিলে পৰামৰ্শ। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে, হৃদৰোগ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আদি সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি।(Narendra Modi)
‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ অষ্টম খণ্ডত মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি পুষ্টি তত্ত্বৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ যে যদি আপুনি ওজন কমাব বিচাৰে আৰু শৰীৰ সুস্থ ৰাখিব বিচাৰে তেন্তে সন্ধিয়া ৭ বজাৰ আগতে ৰাতিৰ আহাৰ খাব লাগে। তেওঁ এটা উদাহৰণ দিলে, “এজন কৃষকে গধূলিৰ আগতেই ৰাতিৰ আহাৰ গ্ৰহণ কৰে।” সন্ধিয়া ৫ৰ পৰা ৬ বজাৰ ভিতৰত খাই শেষ কৰে। তেওঁ সোনকালে শুই যায় আৰু সোনকালে সাৰ পায়। এই কাৰণেই তেওঁলোক ইমান কঠোৰ পৰিশ্ৰমী। “তেওঁলোকৰ স্বাস্থ্যও ভাল আৰু সহজে জটিল ৰোগত আক্ৰান্তও নহয়।”
যিহেতু স্বাস্থ্য বিশেষজ্ঞসকলে দেশৰ জনসাধাৰণৰ সামগ্ৰিক মংগলৰ বাবে চিন্তিত হৈ পৰিছে, সেয়েহে প্ৰধানমন্ত্ৰী মোদীয়ে সুস্থ হৈ থকাৰ বাবে দুটা টিপছ শ্বেয়াৰ কৰিলে। -এটা, সন্ধিয়া ৭ বজাৰ আগতে খাদ্য খোৱা আৰু দ্বিতীয়তে ৰাতি সোনকালে শোৱা। ইয়াৰ দ্বাৰা পাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলিব আৰু শৰীৰত চৰ্বি জমা নহ’ব।
এই বিষয়ৰ ওপৰত ২০২৩ চনত ‘ফ্ৰন্টিয়াৰ্ছ ইন নিউট্ৰিচন’ নামৰ আলোচনীখনত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। তাত গৱেষকসকলে জনোৱা মতে, সন্ধিয়া ৭ বজাৰ আগতে ৰাতিৰ আহাৰ খোৱাসকলৰ আয়ুস ৩৫ শতাংশ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, আগতীয়াকৈ খোৱা আৰু পাতল আহাৰ খোৱাতো আপোনাৰ টোপনি ভাল হয়। গৱেষকসকলে বহু লোকৰ ওপৰত সমীক্ষা চলাই তেওঁলোকৰ ফলাফল দাঙি ধৰে। কোৱা হয় যে পুষ্টি আৰু টোপনিৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। যদি হজম শক্তি ভাল হয় আৰু শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে তেন্তে টোপনিৰ কোনো সমস্যা নহ’ব। হৰম’নৰ ভাৰসাম্যও বজাই ৰাখিব আৰু কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, আৰু ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত হ’ব। ফলত হৃদৰোগ আৰু মধুমেহ ৰোগৰ সম্ভাৱনা কমি যাব।
আনহাতে প্ৰধানমন্ত্ৰীৰ সুস্থ শৰীৰ টিপছৰ পিছতে এগৰাকী চিকিৎসকে কয় যে যদি আপুনি সন্ধিয়াতে ৰাতিৰ আহাৰ খাব বিচাৰে তেন্তে পাতলীয়া খাদ্য খাব লাগে। কাৰ্বহাইড্ৰেট পৰিহাৰ কৰি অলপ প্ৰটিন খালে ভাল। তাৰ লগতে প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰাটোও গুৰুত্বপূৰ্ণ। খোজ কঢ়া, দৌৰা, জগিং কৰা, সাঁতোৰা বা যোগাসন কৰাটোৱে আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব।

