Narendra Modi: ৰাছিয়াৰ বিজয় দিৱসলৈ নিমন্ত্ৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক !

ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘বিজয় দিৱস’ উদযাপনলৈ আমন্ত্ৰণ জনাইছে, মে’ মাহত মস্কো ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।(Narendra Modi)মোডীয়ে শেষবাৰৰ বাবে ২০২৪ চনৰ জুলাই মাহত ৰাছিয়া ভ্ৰমণ কৰিছিল।সেইবাৰ মস্কোলৈ গৈ পুটিনক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। যদিও পুটিনে ভাৰত ভ্ৰমণৰ বাবে সন্মতি প্ৰকাশ কৰিছে, তথাপিও পুটিন কেতিয়া আহিব ভাৰতলৈ সেই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই।।

ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিজয় দিৱস উদযাপনলৈ আমন্ত্ৰণ জনাইছে। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তিম পৰ্যায়ত ১৯৪৫ চনৰ ৯ মে’ত নাজী জাৰ্মানীয়ে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ ওচৰত আত্মসমৰ্পণ কৰে। সেই অনুষ্ঠানৰ স্মৃতিত প্ৰতি বছৰে ৰাছিয়াত ৯ মে’ক ‘বিজয় দিৱস’ হিচাপে পালন কৰা হয়। সেই বিজয় দিৱসলৈ হয়তো ‘বন্ধুত্বপূৰ্ণ’ দেশ ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰা হ’ব বুলি খবৰ ওলাইছে। বুধবাৰে ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী আন্দ্ৰেই ৰুডেংকোৱে এই খবৰ নিশ্চিত কৰে।


ৰাছিয়াৰ সংবাদ সংস্থা টাছক ৰুডেংকোৱে কয় যে মোডীৰ ৰাছিয়া ভ্ৰমণৰ সম্ভাৱ্য সন্দৰ্ভত দুয়োখন দেশৰ মাজত আলোচনা চলি আছে। লগতে তেওঁ কয় যে মস্কোৱে আশা কৰিছে যে মোদীয়ে আমন্ত্ৰণ গ্ৰহণ কৰি ৰাছিয়া ভ্ৰমণ কৰিব।

চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ প্ৰায় সমগ্ৰ বিশ্ব দুটা পক্ষত বিভক্ত, তথাপিও ভাৰতে ভাৰসাম্যৰ নীতিৰে আগবাঢ়িছে। আমেৰিকাইও যুদ্ধৰ অন্ত পেলোৱাৰ দালালি কৰিবলৈ চেষ্টা কৰিছে। এই পৰিবেশত মোডীয়ে ৰাছিয়া ভ্ৰমণ কৰিব নে নকৰে সেই লৈ কৌতুহলৰ সৃষ্টি হৈছে।

Related Articles