Breaking

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীক অভিনন্দন নাছাৰ

0 1,298

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীয়ে পৃথিৱীৰ পৰা ৯.৩ বিলিয়ন আলোকবৰ্ষৰ দূৰৈত অৱস্থিত বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ দূৰৱৰ্ত্তী তাৰকাপুঞ্জ আবিষ্কাৰ কৰাৰ এদিনৰ পাচত নাছাই এই আবিষ্কাৰৰ বাবে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলক অভিনন্দন জনাইছে ৷ এই আশ্চৰ্যজনক আবিষ্কাৰৰ বাবে নাছাই গৱেষকসকলক অভিনন্দন জনাইছে ৷ নাছাৰ জনসম্পৰ্কৰক্ষী বিষয়া ফেলিচিয়া চুৱে এই কথা কয় ৷ তেওঁ লগতে কয়, বিজ্ঞানে বিশ্বজুৰি এটা সহযোগী প্ৰচেষ্টা আৰু এই আবিষ্কাৰবোৰে আমি ক’ৰ পৰা আহিছো, ক’লৈ গৈছো আৰু আমি কি অকলশৰীয়া সেই সম্পৰ্কে বুজাত সহায় কৰিব ৷ পুনেৰ ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছৰ ড° কনক সাহাই এইউডিএফঐছ০১ নামৰ তাৰকাপুঞ্জ আবিষ্কাৰ কৰা দলটোৰ নেতৃত্ব দিছিল ৷ পৃথিৱীৰ পৰা এই তাৰকাপুঞ্জ ৯.৩ বিলিয়ন দূৰৈৰ অৱস্থিত৷ ভাৰতৰ এষ্ট্ৰছাট/ইউভিআইটিয়ে এই অন্যান্য কীৰ্তি অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কাৰণ নাছাৰ হাবল স্পেছ টেলিস্কোপতকৈ সমস্যা বহু কম ৷ ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছৰ সঞ্চালক ড° ছমিক ৰয় চৌধুৰীয়ে কয় যে এই আবিষ্কাৰে বিশ্বৰ কৃষ্ণ যুগ অন্ত পৰিল আৰু বিশ্ব পোহৰ হ’ল সেই বিষয়ে জনাত গুৰুত্বপূৰ্ণ দিশ দিব ৷ ভাৰতৰ প্ৰথম মহাকাশ পৰ্যৱেক্ষক এষ্ট্ৰছেট যিটো আবিষ্কাৰ কৰিছে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)য়ে ২০১৫ চনৰ ২৮ ছেপ্টেম্বৰত আৰম্ভ কৰিছিল ৷ ইছৰোৰ সম্পূৰ্ণ সহযোগত ইণ্টাৰ ইউনিভাৰচিটি চেণ্টাৰ ফৰ এষ্ট্ৰন’মী আৰু এষ্ট্ৰ’ফিজিকছ প্ৰাক্তন এমেৰিটাছ অধ্যাপক, শ্যাম টেণ্ডনৰ নেতৃত্বত এটা দল গঠন কৰা হৈছিল ৷

Leave A Reply