Breaking

নাছাৰ পৰিকল্পনা ২০২৪ চন : ৫২ বছৰৰ পাছত চন্দ্ৰৰ বুকুত খোজ মহিলাৰ

0 1,271

অনলাইন বাৰ্তা : এইবাৰ চন্দ্ৰৰ বুকুত ভৰি পেলাব মহিলাই ৷ পুৰুষৰ পাছত মহিলাৰ ভৰি চন্দ্ৰৰ বুকুত পৰিব ৫২ বছৰৰ পাছত ৷ অৰ্থাৎ ১৯৭২ চনত নীল আর্মষ্ট্ৰং, মাইকেল কলিন্স আৰু এডুইন অলড্রিনে চন্দ্ৰত প্রথম পদাৰ্পণ কৰিছিল ৷ ইয়াৰ পিছত ২০২৪ চনত পুনৰ চন্দ্ৰত ভৰি পেলাব দুগৰাকী ব্যক্তিয়ে। ইয়াৰে এগৰাকী মহিলা আৰু আনজন পুৰুষ মহাকাশচাৰী। মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ চীফ এডমিনিষ্ট্ৰেটৰ জিম ব্রিডেনষ্টাইনে সোমবাৰে এই কথা জনাইছে। ব্রিডেনষ্টাইনে জনোৱা মতে, এইবাৰ এই দুগৰাকী মহাকাশচাৰী সম্পূৰ্ণ সাত দিন ধৰি চন্দ্ৰৰ বুকুত থাকি নানা ধৰণৰ গৱেষণা চলাব। ইয়াৰ পৰাই মঙলৰ বুকুত মানুহৰ পদার্পণৰ বাবে প্ৰয়োজনীয় প্রাথমিক গৱেষণা আৰু প্রস্তুতি আৰম্ভ কৰিব। অৱশ্যে এই চন্দ্ৰাভিযানত অংশ ল’বলগীয়া মহাকাশচাৰী দুজনৰ বিষয়ে এতিয়াও ৰাজহুৱা কৰা নাই নাছাই। কেৱল ‘আর্টেমিছ মিছন’ নামৰ চন্দ্ৰাভিযানৰ পৰিকল্পনাৰ কথাহে ঘোষণা কৰিছে। পৰিকল্পনা অনুসৰি অনুমানিক ২৮ বিলিয়ন ডলাৰ, য’ত ১৬ বিলিয়ন ডলাৰেৰে চন্দ্ৰ অৱতৰণ মডিউল হ’ব ৷ এই অভিযানত দুগৰাকী মহাকাশচাৰীৰ ভিতৰত এজন পুৰুষ আৰু এগৰাকী মহিলা থাকিব ৷ নাছাৰ প্ৰশাসক জিম ব্ৰিডেনষ্টাইনে যদিও অভিযানৰ পক্ষে সংশয় প্ৰকাশ কৰিছে, যিটো অভিযান নিৰ্বাচনৰ সৈতে সম্পৰ্কিত ৰাজনৈতিক অনিশ্চয়তাৰ প্ৰভাৱ সম্পৰ্কে সন্দেহ পোষণ কৰিছে ৷

Leave A Reply