ৰাজ্য চৰকাৰৰ অধীনস্থ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৱন্টিত অনুদানেৰে নৃত্য – গীত ; নাটক ; অভিনয় ; কথাছবি তথা নাট – ক’লা প্ৰদৰ্শন উন্নয়ণ বিভাগৰ উদ্যোগত আৰু জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰ বকোৰ সহযোগত যোৱা ১২ মাৰ্চৰ পৰা চাৰি দিনীয়া বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছিল ” নাট কৰ্মশালা “। উল্লেখ্য যে ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ ধনেৰে আয়োজন কৰা নাট কৰ্মশালা খন বকোস্থিত চিলাৰায় ভৱনত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিছিল পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। যোৱা ১২ মাৰ্চত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা নাট কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে। বৃহত্তৰ অঞ্চলটোৰ শিল্পী মনৰ লগতে শিল্পীৰ প্ৰতিভা থকা প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত নাট কৰ্মশালাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৰাজ্যৰ বিশিষ্ট ছবি পৰিচালক তথা নেছনেল স্কুল অফ ড্ৰামা একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী হিমাংশু প্ৰসাদ দাস। বকোৰ যুৱ শিল্পী মনোজ কুমাৰ দাসৰ তৎপৰতাত আয়োজন কৰা নাট কৰ্মশালা খনৰ আজি আয়োজন কৰা সামৰণি অনুস্থানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ; পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে সুমিত ৰাভা ; নগৰমল স্বৰ্গীয়াৰী ; ফ্ৰাইলিন মাৰাক ; জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্ল’ৰৰ উপদেষ্টা ড: গণেশ্বৰ চহৰীয়া ; জেষ্ঠ্য শিল্পী প্ৰহ্লাদ বড়ো ; শিক্ষক তথা শিল্পী নিৰণ খাখলাৰী ; কোচ ৰাজবংশী সন্মিলনীৰ গৌৰাঙ্গ চৌধুৰী ; অৱসৰপ্ৰাপ্ত শিক্ষক জোনাথন মাৰাক ; নিখিল ৰাভা ছাত্ৰ সন্থাৰ বকো আঞ্চলিক সমিতিৰ সম্পাদক দিব্য ৰাভাকে ধৰি কেবাজনো বিশিষ্ট অতিথি সমাজকৰ্মী আৰু সাংবাদিকৰ লগতে
বহু কেইজন অভিভাৱক অভিভাবিকাৰ লগতে কেৱাজনো শিল্পী। উল্লেখ্য যে ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ পাৰিষদ ফ্ৰাইলিন মাৰাকৰ পৌৰহিত্যত আজি আয়োজন কৰে নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত কয় যে বকোত আয়োজন কৰা নাট কৰ্মশালা খনৰ জৰিয়তে অঞ্চলটোত বহু শিল্পীৰ সৃষ্টি হ’ব আৰু নাট্যকাৰ ; অভিনেতাৰ প্ৰতিভা বিকাশ হ’ব বুলি শুভেচ্ছা মুলক বক্তব্য আগবঢ়ায়। অনুস্থানত সুমিত ৰাভা ; নগমমল স্বৰ্গীয়াৰী ; ড: গণেশ্বৰ চহৰীয়াই নাটকৰ জৰিয়তে সমাজ সংস্কাৰৰ আন্দোলন গঢ়ি তুলিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। নিজৰ নতুন প্ৰজন্মক শিল্পী হিচাপে গঢ়িবলৈ চেষ্টা কৰা হৈছে বুলি জানিব দিয়ে কেৱাজনো অভিভাৱক অভিভাবিকাই। নাট কৰ্মশালাৰ সামৰণিত প্ৰশিক্ষাৰ্থী সকলোক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

