Breaking

নগাঁৱত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক,সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

0 71

“প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল”নগাঁৱত  অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাত  বলেন্দ্ৰ নাথ শৰ্মাৰ অনবদ্য অৱদান আছিল:  অপূৰ্ব শৰ্মা ।

এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সদায় নিজ কৰ্মৰে চিৰস্মৰণীয় হৈ ৰ’ৱ: ড:নৰেন কলিতা
কৃতি শিক্ষকৰ গণ্ডীৰ পৰা আহি সমাজ সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যোগাৱাৰ এক দৃষ্টান্ত হৈছে বলেন্দ্ৰ নাথ শৰ্মা :মনোজ গোস্বামী।

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক, সমাজসেৱক,অগ্ৰনী  প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মাৰ ২৫ তম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি নগাঁৱত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত  স্মৃতিচাৰণ সভাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে  প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ শৰ্মাৰ পত্নী নিৰু দেৱীয়ে ।  স্মৃতিচাৰন অনুষ্ঠানত বিশিষ্ট লেখক-সমালোচক উপন্দ্ৰে বৰকটকীৰ সম্পাদনাত প্ৰকাশিত “বলেন্দ্ৰনাথ শৰ্মা জীৱন আৰু কৰ্ম “নামৰ গ্ৰন্থ খনৰ পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণটি উন্মোচন কৰে  সাহিত্য একাডেমি বঁটা প্ৰাপ্ত  বিশিষ্ট সাহিত্যিক  অপূৰ্ব শৰ্মাই।গ্ৰন্থখন উন্মোচন কৰি অপূৰ্ব শৰ্মাই ভাষন প্ৰসংগত কয় যে প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা এজন কৰ্মনিষ্ঠ ব্যক্তি আছিল ৷

তেওঁৰ অভাৱনীয় কৰ্মনিষ্ঠা আৰু প্ৰৱল ইচ্ছাশক্তিয়ে মোৰ দৰে বহুতকে আকৰ্ষিত কৰিছিল।প্ৰয়াত শৰ্মাইকষ্টকৰ জীৱনৰ আৰম্ভণি  শেষলৈকে অব্যাহত ৰাখিছিল ৷ নগাঁৱত  অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাত  বলেন্দ্ৰ নাথ শৰ্মাৰ অনবদ্য অৱদান আছিল৷তেওঁ কিতাপৰ লগত অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক গঢ়ি তুলিছিল। বিশিষ্ট সাহিত্যিক গৰাকীয়ে লগতে  কয় যে,বাতৰি কাকতৰ চাহিদা বৃদ্ধিত অসম আন্দোলনে এক সুযোগ আনি দিছিল।সেই সময়ত সময়ত বাতৰি কাকতৰ প্ৰচলন বৃদ্ধি পাইছিল প্ৰয়াত শৰ্মাই বাতৰি কাকতৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু আসক্তি বৃদ্ধি কৰিছিল ৷  বিভিন্ন সামাজিক কামৰ লগত জড়িত থাকি সমাজত সঠিক ভাবে আগবঢ়াই নিয়াত তেওঁ অৰিহণা আগবঢ়াইছিল ৷ আনহাতে প্ৰচণ্ড শ্ৰম শক্তিৰ বাবেই বলেন্দ্ৰ নাথ শৰ্মাই এখন প্ৰাইমেৰী বিদ্যালয়ক মাধ্যমিক আৰু মাধ্যমিক বিদ্যালয়ক উচ্চ মাধ্যমিক পৰ্যায়লৈ ৰূপান্তৰ কৰাটো সহজ হৈ পৰিছিল বুলিও ডঃ অপূৰ্ব শৰ্মাই মন্তব্য আগবঢ়ায় ।জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকীয়ে আঁত ধৰা স্মৃতিচাৰন সভাখনত অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৱেষক ডঃ নৰেন কলিতাই ভাষন প্ৰসংগত কয় যে শিক্ষক হিচাপে বলেন্দ্ৰনাথ শৰ্মাৰ এক বিশেষ পৰিচয় আছিল ৷তেওঁ এগৰাকী উচ্চ পৰ্যায়ৰ শিক্ষাবিদ আছিল।বলেন্দ্ৰ নাথ শৰ্মা সদায় নিজ কৰ্মৰে চিৰস্মৰণীয় হৈ ৰ’ৱ। স্মৃতি চাৰণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই কয় যে সমাজৰ হিতৰ বাবে নিৰৱে কাম কৰি যোৱা এজন আদৰ্শ ব্যক্তি আছিল বলেন্দ্ৰ নাথ শৰ্মা৷  নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষন প্ৰসংগত কয় যে প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা অকল বাতৰি বিতৰক প্ৰতিষ্ঠান লগত জড়িত নহয় শিক্ষাৰ প্ৰসাৰৰ লগতো জড়িত আছিল ৷ নগাঁও খন বৌদ্ধিক দিশত আগুৱাই নিয়াত বলেন্দ্ৰনাথ শৰ্মাৰ গুৰুত্ব পূৰ্ণ অৱদান আছিল ৷ তেওঁ  এই প্ৰচেষ্টা সমগ্ৰ মধ্য অসমত  প্ৰসাৰিত হৈছিল ৷ তেওঁ সামাজিক দায়বদ্ধতা , ভাষাৰ প্ৰতি থকা টানৰ বাবেই তেওঁ ৰুমী-ৰূপক নামৰ বাতৰি বিতৰক প্ৰতিষ্ঠা কৰিছিল ৷  স্মৃতিচাৰন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে কয় যে আমাৰ বাবে নগাঁও স্মৃতিমেদুৰ এটা দ্বীপৰ দৰে হৈ পৰে । আমাৰ মানসিক বিবৰ্তনৰ সময়ত ৰূমী ৰূপকৰ সেই ঠাই খিনিৰ গুৰুত্ব আছে । সাহিত্য সংস্কৃতিৰ ৰূমী ৰূপক মিটিং পইন্ট আছিল । ৰূমী ৰূপকে সমগ্ৰ অসমতে এক স্থান গ্ৰহণ কৰিছে । শিক্ষকতাৰ বৃত্তিৰ পৰা ওলাই আহি এটা বেলেগ পথেৰে সাহিত্য সমাজলৈ সেৱা আগবঢ়াব পাৰি তাৰ জলন্ত উদাহৰণ প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা ।কৃতি শিক্ষকৰ গণ্ডীৰ পৰা আহি সমাজ সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যে যোগাব পাৰে তাৰ এক দৃষ্টান্ত হৈছে বলেন্দ্ৰ নাথ শৰ্মা ।নগাঁৱত সাহিত্য-সংস্কৃতি বাতাবৰণ সৃষ্টি কৰাত বলেন্দ্ৰনাথ শৰ্মা এক গুৰুত্ব পূৰ্ণ ভূমিকা  কৰিছিল।প্ৰসংগক্ৰমে বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে বলেন্দ্ৰ নাথ শৰ্মাৰ সু-পত্ৰ  বিধায়ক ৰূপক শৰ্মাৰ দিনত নগাঁৱত যথেষ্ট ভাল কাম হৈছে । নগাঁৱৰ বাট,পথকে আদি কৰি বহু পৰিৱৰ্তন হৈছে।বিশিষ্ট সাংবাদিক গৰাকীয়ে নগাঁৱত এটা ৱাকিং ষ্ট্ৰীট কৰাৰ বাবে ৰূপক শৰ্মাক আহ্বান জনায় ।

তেওঁ আৰু কয় যে বৰ্তমান ছপা মাধ্যমৰ প্ৰতি আগ্ৰহ কমিছে অভিনৱ কিছুমান ধাৰণাৰে আগবাঢ়িব পাৰিলে মানুহ কিতাপ বাতৰি কাকতৰ প্ৰতিও ধাউতি বাঢ়িব।আৰু তেনে অভিনৱ পন্থা গ্ৰহণ কৰাৰ বাবে বিধায়ক ৰূপক শৰ্মাক এগৰাকী যোগ্য ব্যক্তি বুলিও বিশিষ্ট সাংবাদিক গৰাকীয়ে উল্লেখ কৰে।অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰি বলেন্দ্ৰ নাথ শৰ্মাৰ জীৱন কৃতিৰ ওপৰত আলোকপাত আগবঢ়াই কয় যে  বলেন্দ্ৰ নাথ শৰ্মা ভিন্নমুখী চৰিত্ৰৰ এগৰাকী ব্যক্তিৰ  আছিল। এগৰাকী জাতীয়তাবদী চিন্তা চেতনাৰ ব্যক্তি আছিল বলেন্দ্ৰ নাথ শৰ্মা।শিক্ষা – ব্যৱসায় দুয়োটা দিশতে পৃথক আছিল প্ৰয়াত শৰ্মা। স্মৃতিচাৰণ সভাত আদৰণি ভাষণ আগবঢ়াই প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ পুত্র তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় : মই ২৫ টা বছৰ পিতৃৰ লগত আৰু ২৫ টা বছৰ পিতৃহীন ভাৱে অতিবাহিত  কৰিছো।পিতৃৰ অনুপস্থিতিত তেওঁৰ আদৰ্শ অনুকৰণ কৰি সমাজৰ হকে কাম কৰাৰ বাবে আগবাঢ়ি গৈছো। 

স্মৃতিচাৰণ সভাত নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।আজিৰ এই অনুষ্ঠানতে বিধায়ক ৰূপক শৰ্মাই তেওঁৰ প্ৰয়াত পিতৃ বলেন্দ্ৰ নাথ শৰ্মাৰ নাম এটি ন্যাস গঠন কৰাৰ কথাও ঘোষণা কৰে।সভাত শলাগৰ শৰাই আগবঢ়াই বলেন্দ্ৰ নাথ শৰ্মাৰ পত্নী নিৰু দেৱীয়ে।

Leave A Reply