Breaking

বৰ্নিবাৰীত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন : সজাগতা সভা সম্পন্ন…

0 76

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰ্নিবাৰীটো আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয় । নলবাৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মুকালমুৱা মহকুমা চিকিৎসালয় আৰু বৰ্নিবাৰী স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বৰ্নিবাৰী মিলন হাইস্কুলত ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে এখন সজাগতা সভা অনুস্থিত হয় । বৰ্ণিবাৰী মিলন হাইস্কুলৰ প্ৰধান শিক্ষক বসন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সজাগতা সভাত বৰ্নিবাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা: সিদ্ধাৰ্থ নাথ, নলবাৰী জিলা স্বাস্থ্য প্ৰকল্প বিষয়া হিৰন্ময়ী দেৱী, স্বাস্থ্য কৰ্মী দেবেন বৰ্মন, হেমেন ভৰলী , নিলাধৰ নাথ, প্ৰাঞ্জিত দাস, জয়ন্ত নাথ , আমিনা বেগম আদি কেইবাজনেও অংশলৈ ডেংগুৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

বিদ্যালয় খনৰ শিক্ষক কৰ্মচাৰী অভিভাৱক তথা প্ৰায় ২০০ ছাত্ৰ ছাত্ৰী উপস্থিত থকা সভাখনত চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলে ডেংগুৰ লক্ষ্যন সম্পৰ্কে অৱগত কৰাৰ উপৰিও এনে লক্ষণ দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান জনায় । উল্লেখ্য যে নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত সজাগতাৰ অভাবত বিগত সময় চোৱাত ডেংগু, মেলেৰীয়াত আক্ৰান্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । সম্প্ৰতি স্বাস্থ্য বিভাগে এই ৰোগৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপক ৰাইজে শলাগ লয়।


নলবাৰীৰ পৰা পিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন

Leave A Reply