
চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰ বৰপাৰা দ্বিতীয় খণ্ড গাঁৱৰ এইগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তি হল গংগাধৰ ৰায়।সেহতীয়াভাৱে ৰায়ে নিজৰ প্ৰতিভাৰ দ্বাৰা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শুভেচ্ছা পত্ৰ লাভ কৰিছে।

ৰায়ে নিজৰ সুপ্ত প্ৰতিভাৰ দ্বাৰা ২০১৭ চনৰ পৰা বাঁহৰ চুঙাৰে ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰি ৰাইজ তথা অসম চৰকাৰৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে লগতে অসমখনক কুটিৰ শিল্পৰ ক্ষেত্ৰত প্ৰভাৱশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে।

ৰায়ে নিজৰ ঘৰটো আটক ধুনীয়া কৈ নিৰ্মাণ কৰাৰ লগতে ঘৰটোৰ চাৰিওফালে ঔষধি গছ লগাইছে। ৰায়ে নিজৰ ঘৰটোৰ নাম সপোন পঁজা আৰু কক্ষটোৰ নাম মাতৃ কোলা হিচাপে নামকৰণ কৰিছে।নামটো ৰখাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে ৰায়ে এনেদৰে।


