ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week

National Handicrafts Week । NERO, গুৱাহাটীয়ে ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা কাৰ্যকৰ্ম আয়োজন কৰে। প্ৰতিবছৰে ৮-১৪ ডিচেম্বৰলৈকে ভাৰতজুৰি ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপন কৰা হয়। দেশৰ শিল্পীসকলৰ অসাধাৰণ শিল্পকলা আৰু ঐতিহ্যক সন্মান জনোৱাই এই সপ্তাহ উদযাপনৰ মূল উদ্দেশ্য।

এই সপ্তাহত দেশজুৰি পৰম্পৰাগত হস্তশিল্প, শিল্পকলা আৰু শিল্পীসকলৰ অবদানক প্ৰচাৰ কৰা হয়। লগতে সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে শিল্পকলা প্ৰদৰ্শন, শিল্পীসকলক সন্মান, আৰু বজাৰ সংযোগ সৃষ্টি কৰা হয়।

গুৱাহাটীস্থিত ডিসপুৰ PWD Convention & Training Centre-ত ৮-১৪ ডিচেম্বৰ লৈ উদযাপন চলি আছে। বৃহস্পতিবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত শ্ৰদ্ধেয় শিল্প গৰু পুৰস্কাৰজয়ী মণ্টু চন্দ্ৰ দাস (Mantu Chandra Das) উপস্থিত থাকে । তেওঁৰ সৈতে উপস্থিত আছিল জয়ন্ত সিংহ, সহায়ক নিৰ্দেশক (হস্তশিল্প), NERO, গুৱাহাটী ।

১০ ডিচেম্বৰলৈকে হস্তশিল্প প্ৰদৰ্শনী সহ সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয়। ১৪ ডিচেম্বৰলৈকে হস্তশিল্প প্ৰদৰ্শনী থাকিব। ৯ আৰু ১০ ডিচেম্বৰত Indian Institute of Handloom Technology আৰু Assam Textile Institute-ৰ ছাত্ৰ ছাত্ৰীসকলে সচেতনতা কর্মসূচীত অংশগ্ৰহণ কৰে।

এই সপ্তাহজুৰি অনুষ্ঠিত কাৰ্যসূচীটোৱে শিল্পীসকলৰ দক্ষতা জনসাধাৰণৰ আগত উন্মোচন কৰাৰ লগতে বিশেষকৈ নতুন প্ৰজন্মক হস্তশিল্পৰ লগত সংযোগ কৰাৰ লক্ষ্যৰে কেবাটাও কাৰ্যসূচী লয় ১১ ডিচেম্বৰ বুধবাৰে হস্তশিল্প সচেতনতা কাৰ্যসূচী, ১২ডিচেম্বৰত কৰ্মশালা/ছেমিনাৰ আৰু ১৩ ডিচেম্বৰত হাজোত Artisan Pehchan ID কার্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

১১ ডিচেম্বৰ বুধবাৰে হস্তশিল্পৰ ওপৰত সচেতনতা কাৰ্যসূচীত উপস্থিত থাকে-

  • হৰাকান্ত বড়ো, আঞ্চলিক পৰিচালক, উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ কাৰ্যালয়, NERO, গুৱাহাটী
  • শ‍্যামল কুমাৰ দে, সহকাৰী মহাব্যৱস্থাপক, NABARD
  • অঙ্কিতা গোস্বামী, Chartered Accountant
  • পল্লব জ্যোতি কোঁৱৰ, Functional Manager, District Industries and Commerce Centre, অসম চৰকাৰ

NGO, শিল্পী আৰু বহু বিশিষ্ট ব্যক্তিৰ সক্ৰিয় অংশগ্ৰহণেৰে কাৰ্যসূচীখন সফলভাৱে ৰূপায়ন হয় ।

এই সপ্তাহৰ সময়ত ২০২৩ আৰু ২০২৪ চনৰ ৰাষ্ট্ৰীয় হস্তশিল্প পুৰস্কাৰো বিতৰণ কৰা হয়। ৯ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে উত্তৰ-পূব ভাৰতৰ ৭ জন শিল্পী (মণিপুৰৰ ৪ জন, অসমৰ ২ জন আৰু ত্ৰিপুৰাৰ ১ জন)ক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰে।

উত্তৰ-পূব — বিশেষকৈ অসম — হস্তশিল্পৰ সমৃদ্ধ কলা, সংস্কৃতি আৰু ঐতিহ্যৰ বাবে বিখ্যাত। এনে অনুষ্ঠানসমূহ এই ঐতিহ্য সংৰক্ষণৰ লগতে শিল্পীসকলৰ কাম-কাজত অৰ্থনৈতিকভাবে লাভ হয় । গাঁওঞ্চলৰ হস্তশিল্পৰ মাজত বজাৰৰ সৃষ্টি কৰাৰ লগতে স্থায়ী জীৱিকাৰ পথ মুকলি কৰে আৰু উত্তৰ-পূবৰ হস্তশিল্প ৰাষ্ট্ৰীয় পর্যায়ত অধিক স্বীকৃতি প্ৰদান কৰিবলৈ সহায় কৰে এনে অনুষ্ঠানে ।

Related Articles