Breaking

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ওদালগুৰিৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

0 90

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ওদালগুৰিৰ উদ্যোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণ‌ দিৱসৰ লগত সংগতি ৰাখি আজি ওদালগুৰিস্থিত
এম আৰ এছ ডি এন জি অৰ কৰ্মকৰ্তাৰ লগতে দক্ষতা বিকাশৰ বাবে ছাত্র ছাত্ৰীসকলৰ মাজত “পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মানৱ স্বাস্থ্যৰ” ওপৰত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।‌

দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ক্ৰমে প্ৰথম স্থান লাভ কৰে চুমিত্ৰা বড়ো আৰু ৰমেশ হেমৰমে, দ্বিতীয় স্থান লাভ কৰে ক্ৰমে নিলাক্ষী দাস আৰু পবিত্ৰ বড়োয়ে, তৃতীয় স্থান লাভ কৰে ক্ৰমে অঙ্কিতা বৰ্মন আৰু লক্ষ্মী দেৱীয়ে।

এম আৰ এছ ডি এন জি অৰ অধ্যক্ষ মিলন দাসে পৰিচালনা কৰা প্ৰতিযোগিতা খনৰ শেষত সকলোকে বঁটা প্ৰদান কৰাৰ‌ লগতে ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণ‌ আঁচনিৰ ওপৰত সজাগতা মূলক বক্তব্য ৰাখে।

Leave A Reply