Breaking

দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদী ৰাইজৰ। ৰাজপথত বহু সময় ধৰি আৱদ্ধ হৈ থাকে বিধায়ক নুৰুল হুদা…

0 61

দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদ ৰাইজৰ।ৰাজপথত বহু সময় ধৰি আৱদ্ধ হৈ থাকে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। শুকুৰবাৰে সন্ধিয়া বৰদৌলগুৰিত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল বৰদৌলগুৰিৰ উজ্বল নাথ নামৰ যুৱকজনৰ। অসম চৰকাৰৰ তৃতীয় বৰ্গৰ সদ্য নিযুক্তিপ্ৰাপ্ত যুৱকজনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই স্থানীয় ৰাইজে। যুৱকজনৰ ক্ষেত্ৰত ন্যায় বিচাৰি এই প্ৰতিবাদ ৰাইজৰ। ৰাজপথত বহু সময় ধৰি আৱদ্ধ হৈ থাকে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা।

উজ্বল নাথৰ পৰিয়াললৈ ক্ষতিপুৰণ দিয়া, দৰং জিলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত কৰা আৰু বৰদৌলগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা ঠেক হোৱাৰ পৰিৱৰ্তে দিনে দিনে বৃদ্ধি হৈছে যান-বাহনৰ চলাচল। ফলত উক্ত পথচোৱাত দুৰ্ঘটনা বৃদ্ধি হোৱাৰ বাবে পথ দূৰ্ঘটনাত মৃত্যুৰ সংখ্যাও বাঢ়ি গৈছে।সেয়ে পথচোৱা চাৰিলেনযুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় প্ৰতিবাদকাৰীসকলে।ইফালে প্ৰতিবাদৰ ফলত বহু সময় ধৰি ৰাজপথতে আৱদ্ধ হৈ থাকে ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা।বিধায়কগৰাকীৰ মতে অসম চৰকাৰে নিয়ন্ত্ৰন কৰিব পৰা নাই পৰিবহন বিভাগ । আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত কৰিবলৈ বিধানসভাত মাত মতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে উজ্বল নাথৰ পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপুৰণ দিব লাগে বুলি মত ব্যক্ত কৰে।

Leave A Reply