Breaking

অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰ

0 80

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ধুবুৰীস্থিত ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত, চিলাৰায় মহাবিদ্যালয়ৰ গৱেষণা কোষ আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ভোলানাথ মহাবিদ্যালয় চৌহদত দুদিনীয়াকৈ আয়োজিত ‘পশ্চিম অসমৰ লোকসংস্কৃতিঃ পৰম্পৰা আৰু পৰিৱৰ্তন’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰৰ দেওবাৰে সফলভাৱে সম্পন্ন হয়।

পশ্চিম অসমৰ লোকসাহিত্য, ভৌতিক সংস্কৃতি, সামাজিক লোকাচাৰ, লোক পৰিৱেশ্য কলা, জনগোষ্ঠীয় পৰম্পৰাগত জ্ঞান, লোকসংস্কৃতি আৰু পৰ্যটন, লোকচিকিৎসা আদি উপ বিষয় সম্বলিত এই আলোচনাসত্ৰ খনৰ পুৱাৰপৰা গৱেষণাপত্ৰ পাঠ অনুষ্ঠান হয়।

চাৰিটা স্তৰত আয়োজিত গৱেষণাপত্ৰ পাঠ অনুষ্ঠানত অসমীয়া আৰু ইংৰাজী ভাষাত ৮০খন গৱেষণাপত্ৰ পাঠ হয়। আলোচনাসত্ৰ খনত জলপাইগুৰিৰ আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিশ্বজিত ৰায়, শিলিগুৰি মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিপ্লৱ সাহা, চিলাৰায় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নিতাই চন্দ্ৰ ৰায়, চেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ সহযোগী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লীনা শৰ্মা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ডেইজীৰাণী ডেকা, গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ধীৰেন বৰ্মন, ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° গোপাল বৰ্মন, সাপটগ্ৰাম মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল বাতেন মণ্ডল আদিয়ে সমল ব্যক্তি হিচাপে অংশ লয়।

আবেলি ৰাষ্ট্ৰীয় আলোচনাসত্ৰ খনৰ সামৰণি অনুষ্ঠানত আলোচনাসত্ৰ খনৰ সমন্বয়ক ড° উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড° দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে।

সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড° দ্বিজেন্দ্ৰ নাথ ভকতে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীবৃন্দই অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰে।

প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° অলকা শৰ্মা, ড° পলী বেজবৰুৱা, দেৱশ্ৰী ৰায় আৰু ছাইফুল হাচানে। দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰখনৰ সামগ্ৰীক প্ৰতিবেদন পাঠ কৰে সমন্বয়ক ড° উমেশ দাসে।

অনুষ্ঠানটোত আলোচনাসত্ৰবোৰৰ প্ৰতিৱেদক হিচাপে ভাগ লয় ক্ৰমে চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিৰ্মলা ৰায়, অসম সাহিত্য সভাৰ গৱেষণা আহ্বায়ক দীপক সৰকাৰ, সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দেৱজিৎ সাহাই।

জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়। প্ৰথম দিনৰ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰাই, স্মৃতি তৰ্পণ কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ছাইদুল ইছলামে, ভোলানাথ চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই, গছপুলি ৰোপণ কৰে ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইনে।

ইয়াৰ পাছতে আলোচনাসত্ৰ ৰ সমন্বয়ক ড° উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰাই। অনুষ্ঠানটোৰ বন্তি জ্বলায় ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তৰণীকান্ত ৰায়ে, উদ্বোধনী ভাষণ প্ৰদান কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভাৰত ভূষণ মহান্তিয়ে।

আলোচনাসত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই। উদ্বোধনী অনুষ্ঠানটোত আলোচনাসত্ৰখনৰ সংক্ষিপ্তসাৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয়। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী, সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, গৱেষণা আহ্বায়ক দীপক সৰকাৰ, ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইন, সম্পাদক বিনয় কুমাৰ নাথ, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাবৃন্দ ক্ৰমে ছাইদুল ইছলাম, ডঃ অলকা শৰ্মা, ড° পলী বেজবৰুৱা, ছাইফুল হাচান, দেৱশ্ৰী ৰায়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা জুঁই দাস প্ৰমুখ্যে শতাধিক গৱেষক-গৱেষিকা, শিক্ষাৰ্থীবৃন্দই অংশ লয় ।

উদ্বোধনী অনুষ্ঠানৰ পাছতে ড° অলকা শৰ্মাৰ সঞ্চালনাত শিক্ষাৰ্থী, গৱেষকসকলৰ ব্যৱহাৰিক জ্ঞান লাভৰ উদ্দেশ্যে পশ্চিম অসমৰ গীত-মাত, কবিতা আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়।

Leave A Reply