গৰমৰ দিনলৈ অপেক্ষা কৰা কাৰণ যেন এটাই, (National Mango Day 2025) সেয়া হৈছে আম। যাতে আমি আমৰ দৰে ৰসাল ফলৰ সোৱাদ ল’ব পাৰো, কিন্তু আম বেছিকৈ খালে মুখত পিম্পল হ’ব পাৰে বুলি মনত এটা ভয়ো থাকে বহুতৰে।
প্ৰতি বছৰে ২২ জুলাইত ৰাষ্ট্ৰীয় আম দিৱস পালন কৰা হয়। ভাৰতত আমক ‘ফলৰ ৰজা’ বুলি কোৱা হয়। আমি আম কাটি, চুহি, মিঠা ব্যঞ্জন বনাই বহু ধৰণে খাওঁ। কিন্তু আম ভাল পোৱাৰ পিছতো খাই থাকোঁতে মানুহৰ মনত এটা ভয় থাকে যে যদিহে বেছিকৈ আম খাই তেন্তে মুখত ব্ৰণৰ সমস্যা হ’বলৈ আৰম্ভ হ’ব পাৰে।
যদি আপুনি বেছিকৈ আম খায় তেন্তে সামগ্ৰিক খাদ্যৰ গ্লাইচেমিক লোড যথেষ্ট বৃদ্ধি পায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে যকৃতে আই জি এফ-১ হৰম’ন নিৰ্গত কৰে। যিয়ে ছালত উপস্থিত চেবাচিয়াছ গ্ৰন্থিবোৰক উদ্দীপিত কৰি চেবাম উৎপন্ন কৰে।
আনহাতে গৰমত ঘাম ওলোৱাৰ বাবে ছিদ্ৰ বন্ধ হৈ যায় আৰু যদি আপোনাৰ ব্ৰণৰ সংবেদনশীল ছাল থাকে, তেন্তে এই অতিৰিক্ত চেবামে ব্ৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে। “
আমৰ বাকলিত কিছুমান ভিন্ন যৌগ থাকে, যেনে ৰেচ’ৰচিনল আৰু উৰুছিঅ’ল, যিয়ে ছালত এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। 
বজাৰৰ পৰা আম অনাৰ পিছত ভালদৰে ধুই তাৰ পিছত পানীত তিয়াই থৈ দিব লাগে। তাৰ পিছত বাকলি গুচাই সীমিত পৰিমাণে খাব লাগে।
এয়া এগৰাকী বিখ্যাত ডায়েটিচিয়ান তথা পুষ্টিবিদৰ মন্তব্য।


 
                                    