টেঙাখাতত ৰাষ্ট্ৰীয় পোষণ পখৱাড়া অভিযানৰ সজাগতা সভা লগতে ছাত্ৰী আৰু মহিলা ৰক্তহীনতাৰ পৰীক্ষা সম্পণ

সমগ্ৰ দেশতে ২১ মাৰ্চৰ পৰা ৪ এপ্ৰিল পৰ্যন্ত চলি থকা ৰাষ্ট্ৰীয় পোষণ পখৱাড়া অভিযানৰ অন্তিম দিনত টেঙাখাত খণ্ড শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত তথা টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় সহযোগত টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰক্তহীনতা কি, কিয় হয় আৰু তাৰ পৰা হাতসাৰি থাকিবলে কি কি উপাই অৱলম্বন কৰিব লাগে তাৰ ওপৰত এখন সজাগতা সভা অনুস্তিত কৰা হয় ৷এই সভাত টেঙাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিতুল খাটনিয়া ,জিলা সমাজ কল্যাণ বিষয়া দুদু দত্ত,মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডা° ৰশ্মি ঠাকুৰীয়া ,বি পি এম অনিল মেধি ,জেষ্ঠ সাংবাদিক নৱকুমাৰ গগৈ কে ধৰি বহুকেইজন গণ্য মাণ্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷

এই সজাগতা সভা লগত সংগতি ৰাখি টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰা ডা° চি কে দত্ত,ডা° বি গোস্বামীৰ নেতৃত্বত যোৱা এটি দলে ছাত্ৰী আৰু কিশোৰী সকলৰ মাজত স্বাস্থ্য পৰীক্ষা কৰা লগতে এনিমিয়াৰ লক্ষণত থকা সকলক তেজ পৰীক্ষা সম্পাদন কৰে৷

Related Articles