প্ৰথম অনলাইন ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসমৰ ৯ টা পদক অৰ্জন

প্ৰথম ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসমে ৫টা সোণৰ পদক, ২টা ৰূপ ২ টা ব্ৰঞ্জসহ ৯ টা পদক লাভ কৰে।
৩০ মে’ ৰ  পৰা ৪  জুনলৈ  উশ্বু এছ’চিয়েশ্যন অফ ইণ্ডিয়াৰ  অধীনত চণ্ডিগড় বিশ্ববিদ্যালয়ৰ সহযোগত উশ্বু এছ’চিয়েচন পাঞ্জাৱে প্ৰথম অনলাইন চেম্পিয়নশ্বিপৰ সফল আয়োজন কৰে । উশ্বু এছ’চিয়েচন অসমৰ প্ৰচাৰ সম্পাদক গনেশ শীলে জানিবলৈ দিয়া মতে অনলাইন চেম্পিয়নশ্বিপখনৰ উদ্ধোধন কৰে  চণ্ডিগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰ এছ ৱাবাই  , অনুষ্ঠানত উশ্বু এছ’চিয়েচন অফ ইণ্ডিয়াৰ সভাপতি ভূপেন্দ্ৰ সিংহ বাজুৱাই অংশগ্ৰহণ কৰে। 
২৫ খন ৰাজ্য মুঠ ৪০০ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসমৰ  আৰহান বৰুৱা ২টা সোণ (চাব জুনিয়ৰ),  দানৰিয়ালি কাব্যা প্ৰতিভা ১টা সোণ (চাব জুনিয়ৰ)মনজয় চেট্ৰি ১ টা সোণ (ছিনিয়ৰ ), নাবনিতা বড়ো (ছিনিয়ৰ ) , আয়ান দত্ত ১টা ৰূপ (চাব জুনিয়ৰ ল’ৰা) , শ্যামলী ডেকা ১টা ৰূপ (চাব জুনিয়ৰ ছোৱালী) , প্ৰাঞ্জল মেধি ১টা ব্ৰঞ্জ (চাব, জুনিয়ৰ ), নিবিৰ ৰঞ্জন বৰুৱা ১টা ব্ৰঞ্জৰ (ছিনিয়ৰ) পদক লাভ কৰে ।

Related Articles