Breaking

হাজো সাংবাদিক সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

0 2,025

হাজো সাংবাদিক সন্থাৰ  উদ্যেগত  আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস  হাজো লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুস্থিত হৈ যায় । সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাসে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ মুকলি কৰে হাজো সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক আব্দুল গণিখান চৌধুৰীয়ে । ইয়াৰ পিছতে আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাসে । সম্পাদক আব্দুল গণিখান চৌধুৰীয়ে আত ধৰা সভাত হাজো সাংবাদিক সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ৰাস্টীয় পৰ্য্যায়ৰ সুদক্ষ ৰেফাৰী প্ৰভাত কলিতা ,আৰু  সাংবাদিক তথা সংগীতৰ সাধক মেছেৰ আলীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।  ইফালে হাজো সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত  হাজো সাংবাদিক সন্থাৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি ভূপেন ডেকাৰ ৰামদিয়াৰ  বাসগৃহত উপস্থিত হৈ এখনি শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সাহাৰ্য্য আগবঢ়াই । এই সভাত উপস্থিত থাকি সাংবাদিক কমলাকান্ত দাস ,জীতেন চন্দ্ৰ শইকীয়া , অনামিকা কলিতা ,কমল চন্দ্ৰ ডেকা, বিকি মেধি ,চিণ্টুমনি আহমেদে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য দাঙি ধৰাৰ উপৰিও সাংবাদিক সকলৰ আৰ্থিক আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনায়।

Leave A Reply