নাজিৰা, ১৯ নবেম্বৰ : ইং ১৬/১১/২০২০ তাৰিখে দেশৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা তথ্য ও জনসংযোগ বিভাগ আৰু নাজিৰা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত নাজিৰাত উদযাপন কৰা হয় ৫২ সংখ্যক “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” । এই উপলক্ষে নাজিৰা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ, নাজিৰাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, প্ৰবীণ সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই , জ্যেষ্ঠ সাংবাদিক বীৰেন শৰ্মা আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত । “সংবাদ মাধ্যমত কভিড -১৯ ৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে প্ৰবীণ সাংবাদিক তথা সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁই আৰু ধীৰেন ফুকনে । সভাত উপস্থিত থকা নিমন্ত্ৰিত বিশিষ্ট অতিথি, সাংবাদিক আৰু আন আন গণ্য – মান্য ব্যক্তি সকলক এখনি ফুলাম গামোচা, জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট অতিথি সকলে তেওঁলোকৰ ভাষণত নাজিৰা মহকুমাত সংবাদকৰ্মী সকলে কভিড -১৯ সন্দৰ্ভত ইতিবাচক বাতৰি পৰিবেশন কৰি এই সময়ছোৱাত কভিড -১৯ সংক্ৰমণৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰে বুলি উল্লেখ কৰে আৰু সেয়েহে সংবাদকৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি নাজিৰা প্ৰেছ ক্লাবৰ নিয়মীয়া কাৰ্যসূচী অন্তৰংগ আলাপ “এয়েতো জীৱন” শীৰ্ষক অনুষ্ঠানো অনুষ্ঠিত হয়। সেই অনুষ্ঠানতে শিশু সাহিত্যিক জ্যেষ্ঠ সাংবাদিক বুলু চেতিয়াৰ “আইতাৰ চোতালত বুলনি” নামৰ এখনি সাধু পুথিও উন্মোচন কৰা হয়। সভা খনিত নাজিৰাৰ সংবাদ কৰ্মী সকলৰ লগতে বহু গণ্য – মান্য ব্যক্তি উপস্থিত থাকে।