আজি কচুৱা (National Press Day) প্ৰেছ ক্লাৱে মাধৱপাৰা হাইস্কুল পেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উৎযাপন কৰে ৷ বিদ্যালয় প্ৰাঙ্গনত বৃক্ষৰূপন কৰাৰ পিছতেই হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ইয়াৰ পিছতে কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপ সভাপতি আমিনুল হকে ৷ শিশু শিল্পী নিশা জিন্নানে মায়াবিনী গীতটি পৰিবেশন কৰাৰ পিছতে চিনাকী আৰু আদৰণি পৰ্বৰ আতঁ ধৰে সম্পাদক মোজাক্কিৰ আহমেদে ৷
‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আধাৰত সাংবাদিক সকলে বাতৰি পৰিবেশন কৰি জনমত গঠন কৰিব লাগিব আৰু নিৰপেক্ষ বাতৰি পৰিবেশন কৰাটো সাংবাদিক সকলৰ প্ৰথম কৰ্তব্য বুলি ক্ৰচ কাৰেন্ট চেনেলৰ মুখ্য সম্পাদক দিলোৱাৰ হুছেইন মজুদাৰে বক্তব্য ৰাখে ৷ সাংবাদিকৰ দায়বদ্ধতাৰ ওপৰত প্ৰবীণ সাংবাদিক মোলান লস্কৰ, সভাৰাম মজুমদাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আমিৰ হামজা ভূঞাঁ, বিশিষ্ট সমাজ সেৱক ইছলাম কাজী, শিক্ষাবিদ আলী আকবৰ, ৰতন দাস, মতিউৰ ৰহমান, আব্দুল মালেক, হুছেইন আলী আৰু গাওঁ প্ৰধান খাইৰুল ইছলাম খানে ৰসাল বক্তব্য ৰাখে ৷ সভাৰ মাজতে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানে প্ৰেছ ক্লাৱৰ দহ গৰাকী সাংবাদিকক ফুলাম গামোছা, জাপী আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷
প্ৰবীণ সাংবাদিক মোলান লস্কৰক প্ৰেছ ক্লাৱে সম্বৰ্ধনা জনোৱাৰ লগতে ‘ছাহ চুফি হজৰত জহুৰুদ্দিন খলিফা’ চাহাবৰ নামত উচৰ্গিত ‘খলিফা’ বটাঁ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ আৰু কবি-সাহিত্যিক খৰ্গেশ্বৰ বৰাক প্ৰদান কৰা হয় ৷ যুৱনেতা মতিউৰ ৰহমানে সাৱলিল কণ্ঠৰে শলাগৰ শৰাই আগবঢ়ায় ৷ বৰ্ণাঢ্য সভাখনত জিলা পৰিষদ সদস্য আব্দুল জব্বাৰ, জ্যেষ্ঠ সাংবাদিক নলিনী বৰঠাকুৰ, নীলকমল শইকীয়া , অনুপজ্যোতি লাহন, সমাজ সেৱক উমৰ আলী , ওৱাহিদা বেগম, নাজিমা বেগম, জালাল উদ্দিন খান আৰু খলিলুৰ ৰহমানকে আদিকৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷

