সমগ্ৰ (National Press Day) দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস চৰকাৰী ভাৱে উলহ মালহৰে উদযাপন কৰাৰ বিপৰীতে কলিয়াবৰত পৰিলক্ষিত হ’ল এখন বিপৰীত ছবি। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কথা পাহৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে।
বিগত প্ৰত্যেক বছৰেই কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আহিছিল যদিও এইবেলি সমজিলা প্ৰশাসনে প্ৰেছ দিৱস আয়োজন কৰাৰ পৰা বিৰত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে কলিয়াবৰৰ সংবাদসেৱীসকলে।
ইয়াৰ বিপৰীতে কলিয়াবৰ প্ৰেছ ক্লাবে নিজাববীয়াকৈ অনুষ্টুপীয়াকৈ হ’লেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলে প্ৰেছ ক্লাবত। ৭০ দশকৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বাতৰি কাকত পঢ়ুৱৈ সমাজৰ তিনিগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসলৈ আমন্ত্ৰণ জনায় সম্বৰ্ধনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত।
পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ৰাজহুৱা সভা আদি কাৰ্যসূচীৰে কলিয়াবৰ প্ৰেছ ক্লাবে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ইয়াৰ বিপৰীতে সমজিলা প্ৰশাসনৰ উদাসীনতাক একেমুখে ধিক্কাৰ দিছে সংবাদসেৱীসকলে।

