ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰতবৰ্ষতে ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ আৰম্ভ কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে

মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত মৰিগাঁও জিলাৰ বিস্তৃত এলেকা মায়াবজাৰ, বিহুতলি, শনি বজাৰ চাৰিয়ালি, মায়ং, মৈৰাবাৰৱ, লাহৰিঘাট, নাৰায়ণ বজাৰ, দলংঘাট, জাগীৰোড বজাৰৰ এলেকাত অৰ্ধশতাধিক স্বেচ্ছাসেৱক-সেৱিকাই হাতে-হাতে বেনাৰ, প্ৰচাৰ পুস্তিকা আদি লৈ পথচাৰীসকলক, যান-বাহনৰ চালক, পৰিচালক, যাত্ৰী লগতে ৰিক্সাচালক, অট’চালক সকলোকে যান-বাহন আইনৰ সুৰক্ষা, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, নিয়ন্ত্ৰণ গতিত যান-বাহন চলোৱা, ট্ৰেফিক চিগনেল মানি চলা, দুচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে চিটবেল ব্যৱহাৰ কৰা, চালকে মাদকদ্ৰৱ্য ব্যৱহাৰ কৰি গাড়ী নচলোৱা,যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন পথ সুৰক্ষাৰ বিষয়ক সচেতনতা সৃষ্টিৰ বাবে আহ্বান জনায় ।
পথ সুৰক্ষাই জীৱন সুৰক্ষা,যান-বাহনৰ অনিয়ন্ত্ৰিত গতি পৰিহাৰ আদি নীতি সাৰোগত কৰি এখন দূৰ্ঘটনা মুক্ত ৰাজ্য গঢ়াৰ বাবে আহ্বান জনায় ।
এই উপলক্ষে ৰাতিপুৱা ৯ বজাত বঘৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ত্ৰিশতাধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী এক শোভাযাত্ৰাৰে হাতত বেনাৰ পুস্তিকা আদি লৈ ৰাইজক সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায় ৷ সপ্তাহজুৰি অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, স্বেচ্ছাসেৱী অনুষ্ঠান সকলোকে নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে কৃতজ্ঞতা জ্ঞাপন কৰে।

