টেঙাখাত জাতীয় বিদ্যালয়ৰ শিক্ষকে ছাত্ৰীক পলুৱাই নি ৰঙা ঘৰৰ আলহী।

শিক্ষক সমাজক সকলোৱে সন্মান কৰে, আগশাৰীত স্থান দিয়ে। যেতিয়া শিক্ষকেই নিজৰ কামনা পূৰণৰ বাবে কিছুমান অনৈতিক কামত লিপ্ত হয় তেতিয়া এক প্ৰশ্ন উত্থাপন হয়।তেনে এক ঘটনাই সংঘটিত হৈছে টেঙাখাতত।টেঙাখাত জাতীয় বিদ্যালয়ৰ হিন্দী বিষয়ৰ এজন শিক্ষক বৈকুণ্ঠ বৰুৱাই বিদ্যালয় খনতে দশম শ্ৰেণীত অধ্যয়ন ৰত এগৰাকী ছাত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি ঘৰৰ অজ্ঞাতে পলুৱাই ৰাখিছিল দুদিন পূৰ্বে,পিছত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে গম পাই টেঙাখাত আৰক্ষী থানাত শিক্ষকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।যাৰ পৰিণতিত আজি শিক্ষক বৈকুণ্ঠ বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি Tengakhat P. S. Case No 110/2021 U/S 366 IPC গোচৰত জেললৈ প্ৰেৰণ কৰিছে।

Related Articles