Breaking

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা…

0 47


পোহৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে গতি কৰাৰ সময়ত বিচ্ছুৰিত হৈ পৰে আৰু লগতে ইয়াৰ তৰংগ দৈৰ্ঘ্য আৰু শক্তিৰ মানো সলনি হৈ পৰে। পোহৰৰ এই পৰিঘটনাকেই ১৯২৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে ৰমন ইফেক্ট হিচাপে আৱিষ্কাৰ কৰি বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটাৰমনে বিজ্ঞানৰ জগতলৈ এক অনন্য অৱদান আগবঢ়ায়। এই আৱিষ্কাৰৰ বাবে নবেল বটা বিজয় কৰি সমগ্ৰ বিশ্বৰ বিজ্ঞান জগতত নিজৰ নাম চিৰস্থায়ী কৰি যোৱা বিজ্ঞানী ৰমনৰ কৃতিত্বক আমাৰ দেশত প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে উদ্‌যাপন কৰা হৈ আহিছে। চলিত বৰ্ষৰ বিজ্ঞান দিৱসৰ বিষয়বস্তু ‘বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি’ সঁচাকৈ গুৰুত্বপূৰ্ণ। প্ৰযুক্তি বুলিলে নিশ্চয়কৈ তাৰ লগত জড়িত থাকিব তত্ত্বগধুৰ গৱেষণালব্ধ জ্ঞান, জটিল যান্ত্ৰিক প্ৰক্ৰিয়া ইত্যাদি।

পৰম্পৰাগতভাৱে চলি অহা থলুৱা কৌশলেই হওক অথবা বিজ্ঞানৰ জটিল সূত্ৰৰ আধাৰত উদ্ভৱ হোৱা আধুনিক প্ৰযুক্তিয়েই হওক, জ্ঞান সকলো ৰূপতেই তাৎপৰ্যপূৰ্ণ। এইবাৰৰ বিজ্ঞান দিৱসৰ বিষয়বস্তুৰ মাধ্যমেৰে যেন দেশবাসীক আহ্বান কৰা হৈছে যে আধুনিকতাৰ জটিল মেৰপাকত পৰি থলুৱা কৌশল বা প্ৰযুক্তিক অৱহেলা কৰাৰ বিপৰীতে ইয়াৰ পুনৰ চৰ্চা কৰি যথাসম্ভৱ ইয়াক ব্যৱহাৰিক ৰূপত উপলব্ধ কৰাব লাগে। লগতে, পৰম্পৰাগত, অলিখিত আৰু মৌখিকভাৱে প্ৰচলিত হৈ থকা নিয়ম, লোকাচাৰ বা ৰোগৰ উপচাৰসমূহক একেকোবে অন্ধবিশ্বাস বুলি আওকাণ কৰাতকৈ আধুনিক বিজ্ঞানৰ সহায়েৰে, এইবোৰৰ অন্তৰালত নিহিত হৈ থকা যুক্তিৰ সত্যাসত্যতাক ভালকৈ বিচাৰ কৰাৰ সময় যেন আহি পৰিছে। শেহতীয়াভাৱে আমাৰ দেশে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত যথেষ্ট সাফল্য লাভ কৰিছে। ৰক্ষা অনুসন্ধান আৰু বিকাশ সংগঠনে (DRDO) উদ্ভাৱন কৰা ‘আকাশ মিছাইল ৱেপন ছিষ্টেম’-এ দেশৰ আত্মনিৰ্ভৰ প্ৰতিৰক্ষা সামৰ্থ্যক বাস্তৱায়িত কৰিছে।

যাইকভ ডী (Zycov D) ভাৰতৰ থলুৱা প্ৰযুক্তিৰে উদ্ভাৱন কৰা বিশ্বৰ সৰ্বপ্ৰথম ডি এন এ প্ৰতিষেধক হিচাপে চিহ্নিত হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা পৃথিৱীপ্ৰেৰিত প্ৰথম মহাকাশযান চন্দ্ৰযান-৩ কেৱল দেশৰ নিজস্ব উদ্ভাৱনেই নাছিল, ই আছিল তুলনামূলকভাৱে কম ব্যয়ৰ বিনিময়ত নিৰ্মিত যান, যিয়ে সঁচাকৈ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশ্ব-ব্ৰহ্মাণ্ড পৰিৱৰ্তনশীল, পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনশীল। ক্ৰমবিৱৰ্তনৰ ধাৰা অনুযায়ী অন্যান্য জীৱসমূহৰ লগতে মানৱ মস্তিষ্কৰো ৰাসায়নিক সংৰচনাৰ পৰিৱৰ্তন ঘটে। সেয়েহে নতুন চিন্তাৰ উদ্ৰেক, তাৰ ফলস্বৰূপে নতুন প্ৰযুক্তিৰ উদ্ভাৱন, এই সকলো তেনেই স্বাভাৱিক। কালক্ৰমত পুৰণি হৈ পৰে নতুন প্ৰযুক্তি, আকৌ উদ্ভাৱন হয় অভিনৱ প্ৰযুক্তিৰ আৰু সিয়ো এদিন হৈ যায় পুৰণি। বিজ্ঞান আৰু প্ৰযুক্তি যদি কেতিয়াবা হয় মানৱ মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ ক্ষুধাৰ ফল, কেতিয়াবা ই আকৌ কোনো তাৎক্ষণিক সমস্যা সমাধানৰ উপায়ো হ’ব পাৰে। সেয়ে বিজ্ঞান আৰু প্ৰযুক্তিক আমি সন্মান কৰোঁ। পিছে, নীতিবহিৰ্ভূত প্ৰযুক্তি কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। প্ৰযুক্তি হোৱা উচিত বিশ্ববাসীৰ কল্যাণৰ বাবে আৰু আদৰ্শনিষ্ঠ নীতিৰ গণ্ডীৰ ভিতৰত উদ্ভাৱিত। আশাকৰোঁ, অনাগত দিনত দেশৰ বিজ্ঞানীসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত আশানুৰূপ অৱদান আগবঢ়াই যাব।

পূৰবী ডেকা বোস
সহকাৰী অধ্যাপিকা
কটন বিশ্ববিদ্যালয়

Leave A Reply