National Science Day: কলিয়াবৰত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন

বুধবাৰে ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ (National Science Day) উদ্যোগত পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰা হয়। ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনৰ সভাপতিত্ব কৰে ভূপেন শৰ্মাই। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে আততায়ীৰ হাতত মৃত্যুবৰণ কৰা ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ স্মৃতিত আয়োজন কৰা এই বিজ্ঞান মনস্কতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক পৰাগ দাহালে।


মুখ্য বক্তা জ্যেষ্ঠ চিকিৎসক ডাঃ হৰেন কুমাৰ বৰাই বিজ্ঞান মনস্কতা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে। তেখেতে সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত হ’বলৈ সকলোকে আহ্বান জনায়। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জোনটি বৰুৱা আৰু পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱনী বৰায়ো চমু ভাষণ দিয়ে। শ্ৰীবৰাই এনে সজাগতামূলক সভা গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায়।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ মুক্তিয়াৰ, কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ শ‌ইকীয়াকে ধৰি বিদ্যালয়খনিৰ সমূহ শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতিত সভা সফলতাৰে সম্পন্ন হয়। দিৱসটিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বঁটাপ্ৰাপক সকলক মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে পুৰস্কৃত কৰা হয়।

ৰচনা প্ৰতিযোগিতাৰ ফলাফল –
প্ৰথম – কুঁহি বৰা, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।
দ্বিতীয় – ৰূপশিখা বৰা, কলিয়াবৰ মহাবিদ্যালয়।
তৃতীয় – ৰাজনাৰায়ণ বৰা, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাট আৰু নিষ্ঠা ভূঞা, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।

Related Articles