Breaking

“পৰিৱেশ্য কলাঃ ইয়াৰ বিভিন্ন দিশ আৰু সম্ভাৱনা” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…

0 5

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ উদ্যোগত আয়োজিত পৰিৱেশ্য কলা- ইয়াৰ অনুশীলন আৰু বিভিন্ন দিশ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ ৩ এপ্ৰিলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমগ্ৰ উদ্বোধনী অনুষ্ঠানটিৰ সভাপতিত্ব কৰে আলোচনা চক্ৰখনিৰ আয়োজক সভাপতি,অধ্যাপক ড.জগদীশ পাটগিৰীয়ে। অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. মৃদুল হাজৰিকাই। ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰ নাথ ডেকাই সাৰুৱা মন্তব্যৰে সভাখনিৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে। সভাত বিশেষ অতিথি হিচাপে উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ বক্তব্যৰ পিছতেই বিশিষ্ট নাট্য ব্যক্তিত্ব, সংগীত নাটক অকাডেমী ৰত্ন প্ৰাপক দুলাল ৰয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বৰ্ষীয়ান নাট্যকৰ্মীজনে তেওঁৰ বৰ্ণিল নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতা,উপলদ্ধি,নাট্য বিষয়ক তেওঁৰ চিন্তা আৰু অভিনয়ৰ কৌশলসমূহৰ বিষয়ে নিজৰ ভাষণত সুন্দৰকৈ দাঙি ধৰে। সন্মানীয় অতিথি হিচাপে ড.বিমল কুমাৰ বৈশ্যই চমু বক্তব্য প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানটিৰ পিছতেই আলোচনা সত্ৰসমূূহ আৰম্ভ হয়। মুঠ তিনিটা ঠাইত অনুষ্ঠিত হোৱা আলোচনা সত্ৰসমূূত মুঠ 46 জন গৱেষকে গৱেষণা পত্ৰ পাঠ কৰে।আলোচনা চক্ৰখনিৰ কনফাৰেঞ্চ কোঠাত অনুষ্ঠিত হোৱা সত্ৰখনিৰ সভাপতিত্ব কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ড.দয়ানন্দ পাঠক আৰু ড.গজেন্দ্ৰ অধিকাৰীয়ে। তেওঁলোকক সহযোগ আগবঢ়াই ড.দীপশিখা কাৰ্পেন্টাৰে। সমাজ কৰ্ম বিভাগত অনুষ্ঠিত হোৱা দুখন সত্ৰত সভাপতিত্ব কৰে ড.দীপকজ্যোতি বৰুৱা আৰু ড.নিৰঞ্জন কলিতাই।তেওঁলোকক মুখ্য সহযোগিতা আগবঢ়াই ড. উজ্জ্বল অৰুণ মাস্কে আৰু ড. প্ৰীতি ডেকাই। শংকৰদেৱ অধ্যয়ন বিভাগত আবেলি অনুষ্ঠিত হোৱা আলোচনা সত্ৰত সভাপতিত্ব কৰে ড. দিলীপ কলিতাই আৰু তেখেতক সহযোগিতা আগবঢ়াই ড. বিভা দেৱীয়ে।

আলোচনা সত্ৰ সমূহৰ শেষত সামৰণি অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড.মৃদুল হাজৰিকা,শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক মৃনাল কুমাৰ গগৈৰ উপস্থিতিত গৱেষক,ছাত্ৰছাত্ৰীসকলক মানপত্ৰ বিতৰণ কৰা হয়। ৰাষ্ট্ৰীয় আলোচনা সত্ৰখনিৰ সভাপতি ড. জগদীশ পাটগিৰীয়ে সামৰণি মন্তব্য আগবঢ়াই। পৰিবেশ্য কলা বিভাগৰ বিভাগীয় প্ৰধান ড.জয়শ্ৰী চৌধুৰী, সত্ৰখনিৰ সমন্বয়ক ড.বাবুৰাম শইকীয়া,গৌতম শইকীয়া,বৰিশ দত্ত,ৰশ্মিতা শইকীয়া,সোণমনি শৰ্মা আৰু ৰূপান্তৰ বৰপাত্ৰ গোহাঁই সহিতে বিভিন্ন বিভাগৰ সহকাৰী অধ্যাপক-অধ্যাপিকাসকলে সহায় সহযোগিতা আগবঢ়াই।

Leave A Reply