Breaking

গুৱাহাটীত পৰম্পৰাগত বীজ ব্যৱস্থা সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰ ! জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰৰ সুৰক্ষাত গুৰুত্ব কৃষিমন্ত্ৰী অতুল বৰাৰ…

0 34

গুৱাহাটীত পৰম্পৰাগত বীজ ব্যৱস্থা সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰৰ সুৰক্ষাত গুৰুত্ব কৃষিমন্ত্ৰী অতুল বৰাৰ

জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ লগতে আজি অসমকো স্পৰ্শ কৰিছে। যেনেদৰে জলবায়ুৰ পৰিৱৰ্তন আমাৰ কৃষিখণ্ডৰ বাবে এক প্ৰত্যাহ্বান তেনেদৰে আমাৰ সন্মুখত আহি পৰা আন এক প্ৰত্যাহ্বান হ’ল জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰৰ সুৰক্ষা।এই দিশটোক গুৰুত্ব দি আমাৰ কৃষি গৱেষণাই নিজৰ পথ নিৰ্দ্ধাৰণ কৰিব লাগিব। আজি গুৱাহাটীৰ নিকটৱৰ্তী টেপেচিয়াত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় আৰু জাৰ্মান চৰকাৰৰ যুক্তৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন মন্ত্ৰ্যালয়ৰ দ্বিপাক্ষিক সহযোগিতাৰ অংশ হিচাপে জি আই জেদ নামৰ সংস্থাটোৱে আয়োজন কৰা পৰম্পৰাগত বীজ ব্যৱস্থাৰ শক্তিশালীকৰণ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ্ত অংশ গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ বিপৰীতে ক্ৰমহ্ৰাসমান কৃষিভূমিৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী বৰাই কয় যে জৈৱ বৈচিত্ৰ আৰু কৃষি পৰিৱেশতন্ত্ৰক সুৰক্ষিত কৰি সংকুচিত কৃষিভূমিৰ পৰাই অধিক উৎপাদনৰ নিশ্চিত লক্ষ্যত উপনীত হোৱাৰ বাবে কৃষি বিজ্ঞানী, বিষয়াসকলে কাম কৰিব লাগিব। জলবায়ু সহনশীল কৃষি পদ্ধতিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈও কৃষি মন্ত্ৰীগৰাকীয়ে কৃষি বিজ্ঞানী, গৱেষকসকলক আহ্বান জনায়। ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰণশীল কৃষিৰ বিকাশৰ জৰিয়তে কৃষকৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ পৰামৰ্শক্ৰমে পৰম্পৰাগত কৃষি পদ্ধতি, প্ৰাকৃতিক কৃষি আদি দিশসমূহত গুৰুত্ব দি কৃষি বিভাগে বিভিন্ন কৰ্মপদ্ধতি হাতত লৈছে। ৰাজ্যখনৰ উপান্ত কৃষকসকলে কম পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰি মানবিশিষ্ট তথা অধিক পৰিমাণৰ উৎপাদন কৰাৰ দিশটো নিশ্চিত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

পৰম্পৰাগত বীজ উৎপাদন পদ্ধতিয়ে খাদ্য নিৰাপত্তা নিশ্চিত কৰাৰ লগতে জৈৱ বৈচিত্ৰক অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বুলি উল্লেখ কৰি তেওঁ কয় যে, পৰম্পৰাগত বীজ উৎপাদন পদ্ধতিক বিজ্ঞানসন্মত পদ্ধতিৰে উজ্জীৱিত কৰিবলৈ কৃষকক উপযুক্তধৰণে প্ৰশিক্ষিত কৰাৰ প্ৰয়োজন আছে। অসমৰ বীজ উৎপাদন খণ্ডটোক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ কৃষি বিভাগে এপাৰ্টৰ সহযোগত চীড ভাৰ্টিকেল নামেৰে এখন অভিলাসী আঁচনি গ্ৰহণ কৰাৰ বিষয়েও মন্ত্ৰী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে। এই প্ৰচেষ্টাত বীজ উৎপাদনৰ বাবে ৰাজ্যৰ নিৰ্বাচিত এফ পি চি সমূহক জৰিত কৰোৱা হৈছে বুলিও তেওঁ কয়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্বনিয়োজন আঁচনিয়েও সহায় কৰিব পৰাৰ বিষয়ে তেওঁ উল্লেখ কৰে। আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত কৃষি সঞ্চালক ভাস্কৰ পেগু, জি আই জেড-ইণ্ডিয়াৰ সঞ্চালক ৰাজীৱ আহাল, জি আই জেডৰ জ্যেষ্ঠ বিষয়া নামেৰতা শৰ্মা, যোৰহাটৰ প্ৰগতিশীল কৃষক তথা অন্নুপূৰ্ণা বীজ লাইব্ৰেৰীৰ প্ৰতিষ্ঠাতা মোহন বৰাইও ভাষণ দিয়ে। অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ কৃষি বিজ্ঞানীৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী, গৱেষক, কৃষি বিভাগৰ বিষয়া আৰু বিভিন্ন কৃষকে অংশগ্ৰহণ কৰে।

Leave A Reply