Breaking

বানপানীত ক্ষতিগ্ৰস্ত কৃষকক সাহায্য প্ৰদানৰ দাবীত কৃষি মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বৰভাগত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

0 1,307

বৃহত্তৰ বৰভাগ অঞ্চলৰ বানপানীৰ সমস্যা যুগ যুগ ধৰি চলি আহিছে প্ৰতি বছৰে বানপানীত কৃষক সকল যথেষ্ঠ ক্ষতিগ্ৰস্ত হৈ আহিছে| এইবেলি হোৱা বাৰিষাৰ প্ৰথমটো বানৰ কবলত বৰভাগ আঞ্চলৰ দক্ষিণ পূব প্ৰান্তৰ কেইবাখনো গাৱৰ খেতি পথাৰ বানপানীত বুৰ গৈছে যাৰ বাবে কৃষক ৰাইজ চিন্তিত হৈ পৰিছে।ক্ষতিগ্ৰস্ত কৃষক সকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিয়ে বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে অসম চৰকাৰৰ কৃষি মন্ত্ৰী ক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে সাধাৰণ ৰাইজৰ হাতত পশু ধনৰ খাদ্য বিতৰণৰ ব্যৱস্হা গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়াক আহ্বান জনাই।

স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ উপ-সভাপতি সঞ্জয় কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উপ-সভাপতি কংকন কলিতা সাধাৰণ সম্পাদক ময়ুৰ ৰহমান, যুটীয়া সম্পাদক চাজিদ আহমেদ, অনুপ কলিতা, সাংগঠনিক সম্পাদক পাৰ্থজিৎ ডেকা , সমাজ সেৱা সম্পাদক তথা বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপ-সভাপতি প্ৰাঞ্জল কলিতাৰ লগতে কেইবাগৰাকীও সদস্য ।

Leave A Reply