Breaking

চৰাইদেউৰ মাহমৰা ঘিলাগুৰিত ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁ‌ৱৰ, বিহু জুৰিলে মন্ত্ৰী যোগেন মহনে…

0 62

চৰাইদেউৰ মাহমৰা চেপন ঘিলাগুৰিত ৰঙালী বিহু সন্মিলনৰ উদযাপন । চেপন ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গণত মাহমৰা উন্নয়ন মঞ্চৰ উদ্যোগত তথা মাহমৰা সমষ্টিবাসীৰ সহযোগত আৰু নিজখালৈঘোগুৰা আৰু ডবা পঞ্চায়তবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন |প্ৰথমদিনৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলনৰ পিছতে দিনটোত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় | সন্ধিয়ালৈ অনুষ্ঠিত হয় বিহু সন্মিলন খনৰ স্মৃতিগ্ৰন্থ মাহমৰা উন্মোচন ।

এই স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য উন্মোচক হিচাপে উপস্থিত থাকে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, আমন্ত্ৰিত অতিথি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী তথা সোণাৰি বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ধৰ্মেশ্বৰ কোঁ‌ৱৰৰ লগতে ভালে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। য’ত বিহু জুৰিলে মন্ত্ৰী যোগেন মহনে। আনহাতে কৰ্ণাটক নিৰ্বাচনত বিজেপি জয়ৰ আশাবাদী বুলি সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন মহনে মত ব্যক্ত কৰিছে ।

Leave A Reply