প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰিশংকৰ কলিতাৰ গৃহাভিমুখি যাত্ৰা ।মঙলদৈত গৌৰিৰ এই চাইকেল যাত্ৰা সামৰণি মাৰিব।উল্লেখ্য যে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতনৰ উদ্দেশ্যে যোৱা ৪ ডিচেম্বৰত সমগ্ৰ অসমভ্ৰমি চাইকেল যাত্ৰা কৰিছিল। প্ৰকৃতিপ্ৰেমী তথা প্ৰকৃতিবন্ধু হিচাপে খ্যাত গৌৰীয়ে সৰুৰে পৰাই বিভিণ্ণ ঠাইত গছপুলি ৰোপন কৰাৰ লগতে পৰিবেশ সংৰক্ষন, জীৱকুলৰ সংৰক্ষন আৰু সুৰক্ষাৰ বাবে বিভিণ্ণ সময়ত বিভিণ্ণ প্ৰদক্ষেপ গ্ৰহন কৰাৰ উপৰিও ৰক্তদানৰ ওপৰতো সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত বিভিণ্ণ কাৰ্যসুচী হাতত লৈ আহিছিল।
গৌৰিৰ প্ৰায়বোৰ কাৰ্যসুচীয়েই আছিল ব্যতিক্ৰম । ২০১৯ চনৰ ৩১ ডিচেম্বৰত দিল্লীলৈ আৰু ২০২১ চনৰ ২৪ ডিচেম্বৰত সমগ্ৰ অসম পদযাত্ৰা কৰিছিল।এই যাত্ৰাৰ শেষ নাই জীৱৰ আত্মাৰ মৃত্যু নাই,আহক প্ৰকৃতি সংৰক্ষন কৰো,ৰক্তদানেৰে আনৰ জীৱ বচাওঁ…এই শ্ল’গানেৰে পুণৰ চাইকেল লৈ যাত্ৰা সমগ্ৰ অসম।এই যাত্ৰাৰ আৰম্ভনিৰ ১৫ দিনৰ মুৰকত গৃহভুমি ত উপস্থিত হৈছে। গৌৰী শংকৰ কলিতাৰ প্ৰকৃতি সেৱাৰ এই যাত্ৰাত বিভিণ্ণ দল সংগঠন ব্যক্তিৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

