Breaking

বিশিষ্ট গণিতজ্ঞ, মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰ উদ্ভাৱক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৌচাদ আলীৰ দেহাৱসান।

0 597

গণিতৰ নতুন সুত্ৰ উদ্ভাৱন কৰি অসমজুৰি চৰ্চিত হোৱা গণিতজ্ঞ, প্ৰধান শিক্ষক নৌচাদ আলী আৰু নাই। বিগত কেইবা মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত গৰিয়া চতলাস্থিত নিজ গৃহতে আজি ৰাতিপুৱা ৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে মৌলিক সংখ্যা নিৰ্ণয়ৰ প্ৰথমটো সুত্ৰ উদ্ভাৱক নৌচাদ আলীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে বৰপেটা জিলাতো । গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে বিভিন্ন দল সংগঠন, শিক্ষক সমাজে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু গণিতৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।
বিশিষ্ট গণিতজ্ঞ গৰাকীৰ মৃত্যুত গৰিয়া ছটলা গাঁওৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ছটলা আঞ্চলিক হাইস্কুলৰ শিক্ষক আৰু প্ৰাক্তন ছাত্র সকলে ক’ভিড প্ৰট’কল মানি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুত ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ বৰপেটা জিলা সমিতিয়েও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ মৃত্যু বৌদ্ধিক জগতৰ বাবে এক ক্ষতি বুলি কৈ গণিতৰ জগতত তেওঁৰ সাধনা, গবেষণা আৰু গণিতৰ জগতত তেওঁৰ অৱদান লেখতলবলগীয়া বুলি কয় । গবেষক, বিশিষ্ট গণিতজ্ঞ নৌচাদ আলীয়ে মৌলিক সংখ্যা নিৰ্ণায়কৰ সুত্ৰ উদ্ভাৱন কৰি সেইটোৰ ওপৰত লিখা “মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰ আৰু পাটিগণিত-জ্যামিতিৰ তত্ব” নামৰ এখন গ্ৰন্থ এখন অনুষ্টুপীয়াকৈ অলপতে উন্মোচন হৈছিল । ২০১৭ চনতে গণিতজ্ঞ নৌচাদ আলীয়ে উদ্ভাৱন কৰা এই সূত্ৰটি সবিস্তাৰে প্ৰকাশ কৰিছে এই গ্ৰন্থখনত। এই সুত্ৰৰ যোগেৰে সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত থকা জটিল সুত্ৰৰ সহজ আৰু বাস্তৱধৰ্মী ৰূপ দিছে। গ্ৰন্থখনৰ যোগেৰে জ্যামিতি আৰু পাটিগণিতত থকা বহু ভুলো আঙুলিয়াই দিছে। উদ্ভাৱক নৌচাদ আলীৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰমতে যদি এটা বাস্তৱিক সংখ্যা n>1, 2n_2 ৰ উৎপাদক হয় তেন্তে n এটা মৌলিক সংখ্যা হয়। পূৰ্বৰ মতে, যদিহে কোনো এটা সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হয়, তেন্তে সেই সংখ্যাাটো মৌলিক সংখ্যা হয়। তেওঁ দাবী কৰামতে বিশ্বৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ নিৰ্দিষ্ট কোনো সুত্ৰ এতিয়ালৈকে কোনেওঁ উলিওৱা নাই। গণিতৰ জগতত এইটোৱে প্ৰথম সুত্ৰ যাৰ জড়িয়তে মৌলিক সংখ্যা নিৰ্ণয় কৰিব পৰা যাব ।
অতি মেধাসম্পন্ন, গণিতজ্ঞ নৌচাদ আলীয়ে গণিতৰ জগতত অন্যতম অভিলেখ গঢ়ি আজি ইহলীলা সম্বৰণ কৰে। এই সুত্ৰটো উদ্ভাৱন কৰিবলৈ বিগত ৪০ বছৰে সাধনা কৰিছিল তেওঁ । প্ৰয়াত নৌচাদ আলীয়ে ১৯৭৪ চনত স্নাতক ডিগ্ৰী লাভ কৰি মুকালমুৱা হাইস্কুলত শিক্ষকতা কৰে। তাৰ পিছত ১৯৭৭ ৰ পৰা ১৯৯১ চনলৈ মাজদিয়া হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ১৯৯২ চনত চতলা আঞ্চলিক হাইস্কুলত তেওঁ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ২০১৩ চনত অৱসৰ গ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাবাৰো নিৰিক্ষকৰ দ্বায়িত্বভাৰ লৈছিল তেওঁ।
মৃত্যুৰ সময়ত তেখেতে ছয় গৰাকী কন্যা, এগৰাকী পুত্ৰৰ লগতে নাতি-নাতিনীসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ।

Leave A Reply