বিহালী নাচবৰৰ বোৱা-কটা সমবায় সমিটিৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰাষ্ট্ৰীয় সপ্তম হস্ততাঁত দিৱস পালন কৰে ।সম্পাদিকা তৰুলতা শৰ্মাই আতঁ ধৰা কাৰ্যসূচীত জ্যেষ্ঠ শিপিনী কবিতা হাজৰাকাই পতকা উত্তোলন কৰে ।ইয়াৰ পিছতে পুতুলী হাজৰিকাৰ সভাপতিত্ব এখন সভা অনুষ্ঠিত হয় সভাত শিপিনী সকলে কয় যে আমাক সমিটিখনে এখন তাঁতশাল দিলে কিন্তু এই শালখন ৰাখিবলৈ এটা ঘৰৰ প্ৰয়োজন শাল প্ৰদান কৰা প্ৰতি গৰাকী শিপিনীক একোটাকৈ তাঁত শালৰ ঘৰ মঞ্জুৰ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ।তদুপৰি কিবা সভা সমিটি বিহুমেলা আদি অনুষ্ঠিত কৰিলে থলুৱা শিপিনীৰ পৰা ক্ৰয় কৰাৰ বিপৰীতে গামোচাবোৰ বাহিৰৰ দোকানৰ পৰা ক্ৰয় কৰা দেখা যায়। যাৰ বাবে থলুৱা শিপিনী সকল বিভান্ন সময়ত প্ৰতাৰিত হৈ আহিছে । এই ক্ষেত্ৰত শিপিনী সকলৰৈ অসম চৰকাৰলৈ আহ্বান বাহিৰৰ পৰা অহা গামোচা বন্ধ কৰিলেহে থলুৱা শিপিনীয়ে পৰিত্ৰান পাব বুলি উল্লেখ কৰে ।এই সভাত সাহিত্যিক পেঞ্চনাৰ লক্ষীকান্ত শৰ্মা ,সাংবাদিক ভুবন লুইটেল, যুৱ শিল্গী কল্যাণ শৰ্মা আদি।শেষত হৰি নামেৰে সভা খন অন্ত পৰে ।

