দৈনন্দিন বাৰ্তা সেৱা, ডবকাঃ হোজাই জিলাৰ ডবকা সমবায় সমিতিৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী আলহাজ উদ্দিন লস্কৰে কালি দিনৰ প্ৰায় ডেৰ বজাত ৫৩ বছৰ বয়সত আকস্মিক মৃত্যুক সাৱটি লয়৷ খবৰ অনুসৰি লস্কৰে জুহৰৰ নামাজ আদায় কৰিবলৈ ওচৰৰ মছজিদলৈ গৈছিল৷ মছজিদত গৈ নামাজ আদায় কৰি থাকোতে হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ তেখেতক ডবকা চিকিৎসালয়ত লৈ যোৱা হয় যদিও তেখেতে শেষ নিশ্বাস ত্যাগ কৰে৷ চিকিৎসকে সন্দেহ কৰা মতে হৃদ যন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ তেখেতৰ মৃত্যু হৈছে।
প্ৰয়াত নজিৰ উদ্দিন লস্কৰ ডবকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত থকাৰ লগতে ডবকা সমবায় সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ তেখেত ডবকা গাছতলা কেন্দ্ৰীয় কবৰস্থান পৰিচালনা সমিতিৰ সভাপতি আছিল৷ অতি অমায়িক স্বভাৱৰ সৰবৰহী ব্যক্তি হিচাপে পৰিচিত নজিৰ উদ্দিন লস্কৰে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী জীয়ৰী আৰু এজন পুত্ৰৰ লগতে অগণন আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়৷ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে অগণন গুণমুগ্ধৰ সোঁত বয় বাসগৃহত৷
আজি পুৱা ৯ বজাত ডবকা গাছতলা কেন্দ্ৰীয় কবৰস্থানত তেখেতৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। তেখেতৰ মৃত্যুত ডবকা-নীলবাগানৰ বিভিন্ন ব্যক্তি, দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷ আনহাতে ডবকা চাংমাজিৰ মিকিৰ ঘাট বালিকা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সিৰাজ উদ্দিন আহমেদো এদিন পুৰ্বে মৃত্যুক আকোৱালি লোৱাত শোকাস্তাব্দ হৈ পৰে ডবকা।

