নাজিৰাৰ চকীমুখ হাইস্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক উষ্ম সম্বৰ্ধনা । Nazira

নাজিৰা, ৩ জুন:Nazira । নাজিৰাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আৰু বিদ্যালয়ৰ প্ৰাৰম্ভিক যুগৰ কৰ্মনিষ্ঠ সহায়ক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক আজি তেখেতৰ ৯৫ বছৰ বয়সত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

১৯৭১ চনত অসম চৰকাৰৰ শ্বিলঙস্থিত পৰিসংখ্যা বিভাগত বিষয়া পদত কৰ্মৰত অৱস্থাত চাকৰি ত্যাগ কৰি, সত্যেন্দ্ৰ নাথ বৰঠাকুৰে চকীমুখত হাইস্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। বিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই তেওঁ শিক্ষক আৰু কাৰ্যালয়ৰ সহায়ক হিচাপে একে সময়তে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। তেওঁ ১৯৯১ চনৰ ৩১ জুলাইত জ্যেষ্ঠ কাৰ্যালয় সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে।

তেখেতৰ বাসগৃহ, নাজিৰাৰ ৰজাপুলত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটো বিদ্যালয়ৰ অধ্যক্ষা ৰেণু গোৱালাই আঁতধৰে। উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভানেত্ৰী অসমী গগৈ বৰুৱা, নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ডঃ অজয় লাল বৰুৱা, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বৰা, সুজাতা বৰঠাকুৰ, গজেন্দ্ৰ শৰ্মা, লগতে নাজিৰা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য গোপাল বৰুৱা আদি গুণমুগ্ধ ব্যক্তি।

সকলোৱে সত্যেন্দ্ৰ নাথ বৰঠাকুৰৰ শিক্ষা প্ৰতি অবিচল নিষ্ঠা, আত্মত্যাগ আৰু বিদ্যালয়ৰ গঠনকালীন সময়ত তেখেতৰ অবদানৰ প্ৰশংসা কৰে। এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে এগৰাকী নিঃস্বাৰ্থ সমাজসেৱী আৰু শিক্ষানুৰাগীক প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে চকীমুখ বিদ্যালয় পৰিয়ালে।

Related Articles