Nazira: নাজিৰাত “নাৰী উন্নতি”ৰ উদ্যোগত আৰম্ভ স্বচ্ছতা পষেক কাৰ্যসূচী

নাজিৰা: Nazira নাজিৰাৰ অন্যতম বেচৰকাৰী সংগঠন “নাৰী উন্নতি”ৰ উদ্যোগত আৰু অ’এন জি চি (ONGC)ৰ CSR শাখাৰ সহযোগত আজি পৰা আৰম্ভ হৈছে “স্বচ্ছতা পষেক” শীৰ্ষক এলানি কাৰ্যসূচী।

এই কাৰ্যসূচীৰ অংশস্বৰূপে আজিৰ দিনটোত প্ৰথম কাৰ্যসূচী ৰূপে ONGCৰ আবাসিক এলেকাস্থিত ডঃ বি. আৰ. আম্বেদকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক শৈক্ষিক আলোচনা চক্ৰ। উক্ত আলোচনাত নাজিৰাৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি পৰিবেশ সজাগতা, স্বচ্ছতা আৰু সামাজিক দায়িত্ব সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানখনত উপস্থিত থাকে ONGCৰ বিষয়ববীয়া, অঞ্চলটোৰ শিক্ষক-শিক্ষয়িত্ৰী, “নাৰী উন্নতি”ৰ সদস্যসকলৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি আৰু স্থানীয় ছাত্ৰ-ছাত্ৰী।

“স্বচ্ছতা পষেক” কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ মাজত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা হৈছে মূল উদ্দেশ্য। আগন্তুক দিনবোৰতো এই কাৰ্যসূচীৰ অধীনত বিভিন্ন সচেতনতামূলক আৰু প্ৰৰোচনামূলক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি আয়োজনকাৰী সকলে জানিবলৈ দিয়ে।

Related Articles