Nazira Amolapatti । ঐতিৰ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ , ব্যাখ্যানুষ্ঠানৰ আৰু ভাওনা প্ৰদৰ্শন

২০ জানুৱাৰী, ২০২৫ঃNazira Amolapatti। বিশ্ব শান্তি আৰু মানৱ সমাজৰ কল্যাণ সাধনৰ উদ্দেশ্য আগত ৰাখি গুৰুজনাৰ সৃষ্ট শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ ভাগি পাঠ আৰু ব্যাখ্যানুষ্ঠান তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত এই কাৰ্যসূচীৰ প্ৰথম দিনাই সমগ্ৰ নাজিৰা নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে ।

পুৱা প্ৰাতঃপ্ৰসঙ্গৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পূণ্যভূমিত পৰিণত কৰি তোলে ।শেষৰ দিনা শ্ৰীমদ্ভাগৱত পাঠ, বাখ্যানুষ্ঠানৰ সামৰণি পৰাৰ পিছতে নাম – প্ৰসংগ আৰু সন্ধিয়ালৈ স্থানীয় যুৱক শিল্পীৰ দ্বাৰা “বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ” নাট ভাওনা প্ৰদৰ্শন কৰে । ইয়াৰ প্ৰাকক্ষণত যুৱ সমাজৰ দ্বাৰা স্থানীয় বয়োজ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তিক সম্বৰ্দ্ধনা শৰাই আগবঢ়াই আশীষ গ্ৰহণ কৰাৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ।

Related Articles