দুৰ্নীতিৰ দুৰ্গত পৰিণত হৈছে নাজিৰাৰ গেলেকী পঞ্চায়ত

 নাজিৰা মহকুমাৰ গেলেকী গাওঁ পঞ্চায়ত এনে এটা পঞ্চায়ত য’ত প্ৰতিটো কামতেই দুৰ্নীতি হৈ আহিছে । পঞ্চায়তৰ সন্মুখ ভাগত অহা এটা পথৰ নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে । ৬ লাখ ২৩ হাজৰ টকাত নিৰ্মাণ হ’ব লগা এই পথটো নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা নিৰ্মাণ সমিতিৰ  সভাপতিয়ে কোনো কথা গম নোপোৱাকৈয়ে পঞ্চায়তৰ সচিব উপেন বৰা, সভানেত্ৰী বেবী মাহান্তি তাছা, সহকাৰী অভিযন্তা প্ৰাঞ্জিত ভূঞাই একলগ হৈ বিল পাছ কৰি ধন হৰলোকি কৰাৰ ঘটনাই অঞ্চলটোৰ লোকসকলক ক্ষোভিত কৰি তুলিছে । ৰাইজৰ পৰা জানিব পৰা মতে নিম্নমানৰ পথ নিৰ্মাণক লৈ বিৰোধ কৰাৰ বাবে জাকিৰ হুছেইন নামৰ ব্লক ইটা যোগান ধৰা ঠিকদাৰজনে দিন দুপৰতে গুন্দাগিৰী দেখাই গেলেকী পঞ্চায়তৰ কাৰ্যালয়ত আহি সমীৰণ নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰজনক মুকলি ধমকি দিয়ে, কিন্তু সেই সময়ত উক্ত স্থানত উপস্থিত থকা পঞ্চায়তৰ সচিব উপেন বৰায়েও কোনো বাধা প্ৰদান নকৰাত এক সন্দেহৰ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত । ইয়াৰোপৰি এই উপেন বৰাই পথটোৰ সন্দৰ্ভত যদি নিৰ্মাণ সমিতিৰ   সভাপতিয়ে মুখ খোলে তেন্তে মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি প্ৰদান কৰে । পঞ্চায়তৰ বিষয় ববীয়াৰ এনেধৰণৰ আচৰণৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে । পঞ্চায়তৰ সচিব, সভানেত্ৰী, সহকাৰী অভিযন্তা আৰু জাকিৰ নামৰ ব্যক্তিজন একলগ হৈ বহুদিনৰ পৰা এই পঞ্চায়তত দুৰ্নীতি কৰি অহা বিষয়টোৱে সকলোৰে চকু কপালত তুলিছে ।এই বিষয়ত প্ৰশাসনৰ বিষয়াই কি ভুমিকা পালন কৰে লক্ষ্যনীয় হৈ ৰব ।

Related Articles