Breaking

NCB কাৰ্যলয়ত হাজিৰ হল আৰিয়ান খান

0 2,013

বলিউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান শুকুৰবাৰে উপস্থিত হয় মুম্বাইস্থিত NCB কাৰ্যলয়ত । ক্ৰুজ ড্ৰাগছ গোচৰত ২ অক্টোবৰত NCB য়ে গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক । চেচন কোৰ্টে আৰ্যানৰ জামিন নাকচ কৰিছিল যদিও বুম্বাই উচ্চ ন্যায়লয়ে চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ কৰিছিল আৰিয়ানৰ ।
NCB ক অৱগত নকৰাকৈ মুম্বাই এৰিব নোৱাৰিব আৰিয়ানে । NDPS কোৰ্টত পাচপোৰ্ট জমা কৰিব লাগিব । ন্যায়লয়ৰ অনুমতি অবিহনে দেশ ত্যাগ কৰিব নোৱাৰিব আৰিয়ানে । প্ৰতি শুকুৰবাৰে দিনৰ ১১ ৰ পৰা ২ বজাৰ ভিতৰত মুম্বাইৰ NCB কাৰ্যলয় হাজিৰ দিব লাগিব আৰিয়ানে ।
আদালতৰ নিৰ্দেশ অনুসৰিয়ে শুকুৰবাৰে NCB কাৰ্যলয়ত উপস্থিত হয় শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ।

Leave A Reply