গুৱাহাটীত এন চি চি কেডেটৰ গ্ৰীষ্মকালীন শিবিৰ

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ান আৰু ১ আসাম এন চি চি বেটেলিয়ানৰ উদ্যোগত গুৱাহাটীৰ চাউথ পইন্ট স্কুল চৌহদত ১৪ জুলাইৰ পৰা চাৰিদিনীয়াকৈ কেডেটৰ বাবে অনুষ্ঠিত এক বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ সোমবাৰে সামৰণি পৰে।

শিবিৰত দুয়োটা এন চি চি বেটেলিয়ানৰ ৬০ জন বয়জ আৰু গাৰ্লছ কেডেটে ভাগ লয়।

শিবিৰত কেডেট সকলক দুৰ্যোগ ব্যৱস্থাপনা আৰু দুৰ্যোগত আক্ৰান্ত লোকক নিৰাপদ স্থানলৈ উদ্ধাৰ, মেপ ৰিডিং , ব্ৰাছ ব্ৰেণ্ড , ফ্লেগ এৰীয়া , দু :সাহসিক কাৰ্যকলাপ , নৃত্য, সংগীত আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

আনহাতে শিবিৰত অসমীয়া শিল্পী অৰ্ঘদীপ বৰুৱা, সহযোগী এন চি চি বিষয়া লেফটেনেন্ট মৈত্রী হাজৰিকা, প্ৰাক্তন কেডেট সুকন্যা আৰু উৰ্মিয়ে ভাগ লৈ কেডেট সকলক উৎসাহিত কৰে ।

Related Articles