Breaking

ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ…

0 48

ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ

দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰত হয়তো ইতিহাসৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব৷ এনচিইআৰটিৰ সমাজ বিজ্ঞান সমিতিয়ে এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমে এই দাবী কৰিছে।

উচ্চ পৰ্যায়ৰ পেনেলৰ শীৰ্ষ বিষয়া অধ্যাপক চি.আই. আইজাকে এই প্ৰস্তাৱৰ সৈতে পাঠ্যক্ৰমৰ বাবে আন কেইবাটাও প্ৰস্তাৱ দিছে। তাৰে এটা হ’ল ইতিহাসৰ নতুন বিভাজন। মুঠ চাৰিটা খণ্ডত ইতিহাস বিভক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ অৰ্থাৎ ধ্ৰুপদী, মধ্যযুগীয়, ব্ৰিটিছ আৰু আধুনিক ভাৰতৰ ইতিহাস। বেদ আৰু আয়ুৰ্বেদৰ পাঠ্যপুথিসমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰা হৈছে।

ইয়াৰ উপৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ৰাষ্ট্ৰীয় নায়কসকলকো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। এনচিইআৰটিয়ে প্ৰস্তাৱটোৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া লক্ষ্যণীয় হ’ব ৷
চি.আই. আইজাকে কয়, “পৰম্পৰাগত ইতিহাসত ৰামায়ণ-মহাভাৰত আছে । আমি এই প্ৰস্তাৱ দিছো যাতে শিক্ষাৰ্থীসকলে জানিব পাৰে যে ৰাম কোন আছিল আৰু তেওঁ কি কৰিছিল৷ পাঠ্যক্ৰমত মহাকাব্যৰ কেৱল এটা সৰু অংশহে শিকোৱা হ’ব। “

লক্ষণীয় কথাটো হ’ল পূৰ্বে এনচিইআৰটিৰ পাঠ্যক্ৰমৰ পৰিৱৰ্তনক লৈ যথেষ্ট বিতৰ্ক হৈছিল। মোগল যুগ, ডাৰউইনৰ বিৱৰ্তন, নাৰী আন্দোলনৰ ইতিহাসৰ দৰে গুৰুত্বপূৰ্ণ অধ্যায়বোৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিছিল। ইতিহাসৰ কিতাপত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰিলে কোনো বিতৰ্ক হয় নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷

Leave A Reply