Breaking

এন ডি এ চৰকাৰে কেতিয়াও সংবিধানৰ ক্ষতি সাধন নকৰেঃ অমিত শ্বাহ…

0 8

গুৱাহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এখন বিশেষ বিমানেৰে সোমবাৰে বিয়লি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ বিমান বন্দৰত অমিত শ্বাহক আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কুইন ওজা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী ৰণোজ পেগু, বিধায়ক তেৰছ গোৱালা, বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিকে ধৰি বহুতো বিজেপি নেতাই ৷ বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ ৰেডিচন ব্লুত কিছুসময় জিৰণি লৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰে শ্বাহে ৷ নিশা কইনাধৰাত কটায় গৃহমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷ এই চাৰিটা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ মহানগৰীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা সন্ধিয়া বজাত এক ৰোড শ্ব’ৰে নিৰ্বাচনী প্ৰচাৰ চলায় গৃহমন্ত্ৰীগৰাকীয়ে ৷ সমগ্ৰ পথছোৱাত অমিত শ্বাহৰ বেনাৰ‌-হৰ্ডিঙেৰে সজাই তোলা পৰিলক্ষিত হয় ৷ পথৰ কাষে কাষে বিজেপিৰ বেনাৰ-পোষ্টাৰ আঁৰি দিয়া দেখা গৈছে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে আজি কয় যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) চৰকাৰে কেতিয়াও সংবিধানৰ ক্ষতি নকৰে, আৰু বিৰোধীয়ে ভোটাৰসকলক ভয়ৰ মাজত ৰখাৰ দ্বাৰা বিপথে পৰিচালিত কৰি আহিছে। গৃহমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে “ভুৱা আৰু ৰূপান্তৰিত” ভিডিঅ’ৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰাৰ কথাওও উল্লেখ কৰে। শ্বাহে কয় ” আমি অসমৰ সকলো লোকসভা আসনত জিকিম… ভোটাৰ তালিকা শুদ্ধ কৰা হৈছে, সেয়েহে বুজা যায় যে ভোটদান হ্ৰাস পাইছে। যেতিয়া ফলাফল আহিব, আমি দেখিম যে বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব,”।


আনহাতে এই ৰোড শ্ব’ক লৈ কটকটীয়া কৰি তোলা হয় মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা ৷ পথৰ কাষৰ ওখ অট্টালিকাবোৰৰ চাদত আৰক্ষী মোতায়েন কৰা হয় ৷ মহানগৰীৰ কেতবোৰ নিৰ্দিষ্ট পথত “ন’ ড্ৰোণ, ন’ ফায়াৰ ক্ৰেকাৰছ আৰু ন’ ফ্লাই জ’ন” হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে ৷ লগতে অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ বিশেষ পথ নিৰ্দেশনাও জাৰি কৰে মহানগৰ যান-বাহন আৰক্ষীয়ে ৷ আজি নিশা ৯ বজালৈ পৰ্যন্ত থাকে এই নিৰ্দেশনা ৷ ইফালে এই ৰোড শ্ব’ত এক লাখতকৈয়ো অধিক সমাগম হ’ব বুলি জানিবলৈ দিছে বিজেপি নেতা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ এই ৰেলীত তেওঁ প্ৰায় এক লাখ বিশ হাজাৰ সমাগম হ’ব বুলি মন্তব্য কৰে ৷

Leave A Reply