ছয়গাঁৱৰ গৰৈমাৰীত দিব্যাংগ লোকৰ মাজত এন ই এ আই ডি সংস্থাৰ খাদ্য সামগ্ৰী বিতৰণ

ক’ৰণাকালীন পৰিস্থিতিৰ বাবে সৰ্বসাধাৰণ লোকৰ জন জীৱন বিপৰ্যস্থ হৈ পৰা মূুহুৰ্তত আজি দক্ষিণ কামৰূপৰ   গৰৈমাৰীত দিব্যাংগ লোকৰ কাষত সহায়ৰ হাতলৈ থিয় দিয়ে ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এটাই ৷  ক’ৰণা মহামাৰীৰ বাবে সমাজৰ আটাইতকৈ অৱহেলিত তথা বিশেষভাৱে সক্ষম লোক সকল বেচিকৈ জুৰুলা হৈ পৰাৰ প্ৰতি লক্ষ ৰাখি “নৰ্থইষ্ট চেন্টাৰ ফৰ ইকুইটি একশ্যন অন ইন্ট্ৰিগ্ৰেটেড ডেভেলপমেন্ট” চমুকৈ এন ই এ আই ডি নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে এই লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰে  ৷ ছয়গাঁৱৰ সমষ্টিৰ গৰৈমাৰীৰ টুক্ৰাপাৰাস্থিত “জিলা বিকলাংগ কল্যাণ পৰিষদৰ কাৰ্যাল”য় প্ৰাংগণত ক’ভিড প্ৰ’টকল মানি  খাদ্য সামগ্ৰী বিতৰণ কৰে শিক্ষা সম্পৰ্কীয় বে-চৰকাৰী সংস্থাটোৱে । সংস্থাটোৱে জিলা বিকলাংগ কল্যাণ পৰিষদৰ সচিব আৰফান খানৰ  সহযোগত ষাঠি গৰাকী বিশেষভাৱে সক্ষম লোকক সাময়িক সকাহ প্ৰদানৰ উদ্দেশ্যে প্ৰদান কৰে এই সাহাৰ্য ৷  উল্লেখ্য, কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া আৰু জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাৰ বিশেষ অৰিহনাত ৰূপায়ণ কৰা এই সাহাৰ্য বিতৰণ অভিযান জিলাখনৰ আন আন অঞ্চললৈয়ো অব্যাহত ৰাখিব বুলি এন ই এ আই ডিৰ সহযোগী সংগঠক মেৰাজ আহমেদে সাংবাদিকক জানিবলৈ দিয়ে ৷ এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সেচ্ছাসেৱী সংস্থাটোৰ কামৰূপ জিলাৰ সমন্বয়ক খয়বৰ হুছেইনৰ লগতে সংস্থাটোৰ কৰ্মকৰ্তা আৰু জিলা বিকলাংগ কল্যাণ পৰিষদৰ কেবাগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷

Related Articles