Breaking

বৰপেটা জিলাত প্ৰায় ১১ লাখ লোকে ললে কোভিড প্ৰতিষেধক

0 27

বৰপেটা জিলাত প্ৰায় ১১ লাখ লোকে ললে কোভিড প্ৰতিষেধক কৰোনা মহামাৰীৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখন সম্পূৰ্ণ সফল হ’বলৈ বৰপেটা জিলাৰ প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকক কোভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। আশা কৰ্মী, অঙ্গনবাড়ী কৰ্মী আদিৰ জৰিয়তে প্ৰতিটো অঞ্চলৰ কোভিড টীকা নোলোৱা লোক সকলৰ যাৱতীয় তথ্য সংগ্ৰহ কৰি স্বাস্থ্য কেন্দ্ৰ সমূহৰ জৰিয়তে ফোন যোগে যোগাযোগ কৰি ভেকচিন লোৱাৰ বাবে বুজনি দিয়া হৈছে। এই ক্ষেত্ৰত সহযোগ নকৰা সকলক পিছত দণ্ডাধীশ সহ চিকিৎসকৰ দলে ঘৰে ঘৰে গৈ বুজনি দি প্ৰতিষেধক ল’বলৈ বাধ্য কৰোৱা হৈছে। এই অভিযানত অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত সকলকো জড়িত কৰা হৈছে। কালি কাৰ্যবাহী দণ্ডাধীশ নিমাশ্ৰী ডাইকাই সৰ্থেবাৰী অঞ্চলৰ বেলবাৰী, নামশলা আৰু বনিয়াকুছিত প্ৰায় ১৮ টা পৰিয়ালৰ ঘৰলৈ গৈ ভেকচিন দিয়াবলৈ সক্ষম হয়। মূলতঃ গৰ্ভৱতী অৱস্থাত থকা মহিলা সকলে কোভিড প্ৰতিষেধক লোৱাটো ক্ষতিকৰ বুলি কৰা ধাৰণাৰ ফলশ্ৰুতিত কেবল বৰপেটা জিলাৰে ৬৮৮১ গৰাকী মহিলাই এই পৰ্যন্ত টীকা লোৱা নাই। কিন্তু এই প্ৰতিষেধকে গৰ্ভৱতী মহিলা আৰু সন্তানৰ কোনো ক্ষতি নকৰে বুলি আন্তঃৰাষ্ট্ৰীয় চিকিৎসা বিশেষজ্ঞ সকলে দিয়া মতামতৰ পৰিপ্ৰেক্ষিতত সকলো গৰ্ভৱতী মহিলাকো প্ৰতিষেধক প্ৰদান কৰোৱাৰ বাবেই কালি সৰ্থেবাৰীত এই অভিযান চলোৱা হয়। দণ্ডাধীশ গৰাকীৰ সৈতে চিকিৎসক ড: প্ৰণৱজ্যোতি ডেকা আৰু স্বাস্থ্য কৰ্মীৰ দল এটিও গৈছিল। এনে সামূহিক পদক্ষেপৰ ফলত এতিয়ালৈকে অঞ্চলটোৰ ৫৬ গৰাকী গৰ্ভৱতী মহিলাক Covid প্ৰতিষেধক সফলতাৰে প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বেও জিলাখনৰ বিভিন্ন অঞ্চলত দণ্ডাধীশ সকলৰ জৰিয়তে ঘৰে ঘৰে অভিযান চলোৱা হৈছে। জিলা উপায়ুক্ত ভূষালে নিজেও কিছুমান ঠাইত ঘৰে ঘৰে গৈ মানুহক কোভিড ভেকচিন ল’বলৈ সৈমান কৰিছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে,  অবিভক্ত বৰপেটা জিলাত কালি পৰ্যন্ত মুঠ ১০, ৯২,০১২ জনক প্ৰথম পালি আৰু ৪৩,৩০২৯ গৰাকীক দ্বিতীয় পালি টীকা প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যৰ ৮৩.৬২ শতাংশ লোকক প্ৰথম পালি দিয়া হৈছে। চৰকাৰে বৰপেটা জিলাত ১৮ বছৰৰ উৰ্দ্ধৰ ১৩, ০৫,৯০৭ গৰাকী লোক থকা বুলি জিলাখনক লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অৱশ্যে জিলাখনৰ ভোটাৰ তালিকাৰ তথ্য আৰু স্বাস্থ্য কৰ্মী আৰু  অঙ্গনবাড়ী কৰ্মীয়ে ঘৰে ঘৰে গৈ চলোৱা সমীক্ষাত ভেকচিন লোৱাৰ যোগ্যতা থকা লোকৰ সংখ্যা নিৰ্ধাৰিত লক্ষ্যতকৈ যথেষ্ট কম হ’ব বুলি ধাৰণা কৰা হৈছে। কাৰণ লক্ষাধিক লোকে কামৰ বাবে অন্য স্থানলৈ স্থানান্তৰিত হৈছে।  এনে তথ্য অনুসৰি জিলাখনৰ ৯৬ শতাংশ লোকক প্ৰতিষেধক প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাখনৰ সকলো ঠাইতে কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভেকচিন গ্ৰহণৰ পৰা কোনো লোকেই যাতে বাদ পৰি নাযায় তাৰ বাবে জিলা উপায়ুক্তই সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে।

Leave A Reply