গোগামখ, ১৯ জুনঃ NEET । গোগামুখৰ ইতিহাসত নজিৰ সৃষ্টি কৰি গোগামুখ ৰিজ’লোছন একাডেমীয়ে সদ্য ঘোষিত নীট পৰীক্ষাত চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে ৷ একাডেমীখনৰ পৰা এইবাৰ দহ গৰাকী শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা নীটত উৰ্ত্তীণ হ’বলৈ সক্ষম হোৱাৰ লগতে ৰিজ’লোছন একাডেমীৰ পৰা উক্ত পৰীক্ষাত অবতীৰ্ণ হোৱা আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী নীটত কোৱালিফাইড হ’বলৈ সক্ষম হৈছে ৷ ৰিজ’লোছন একাডমীৰ এই সফলতা, আনন্দৰ উপলক্ষে একাডমীখনৰ পৰিয়ালে আজি গোগামুখ নগৰত গৌৰৱময় শোভাযাত্ৰা বাহিৰ কৰে ৷

৭ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰা গোগামুখ ৰিজ’লোছন একাডেমীৰ চোতালৰ পৰা আৰম্ভ কৰে। আৰু গোগামুখ নগৰৰ চৌপাশ পৰিভ্ৰমণ কৰি পুনৰ গোগামুখ ৰিজ’লোছন একাডেমীৰ চোতালত সামৰণি মাৰে ৷ উক্ত শোভাযাত্ৰাত ৰিজ’লোছন একাডেমীৰ পৰা নীটত উৰ্ত্তীণ হোৱা আটাইকেইৰাকী কীৰ্ত্তিমান ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখনীয় যে, ৰিজ’লোছন ছাৰিটি আৰু ৰিজ’লোছন ট্ৰাষ্টৰ অধীনত ২০২৫ বৰ্ষৰ নীটৰ বাবে ৰিজ’লোছন একাডেমীত ৰিজ’লোছন চুপাৰ- ৩০ নাম দি ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীক মেডিকেলৰ বাবে বিনামূলীয়া আৱাসিক প্ৰশিক্ষণ দিয়া হৈছিল ৷
১৭ গৰাকী ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ১০ গৰাকীয়ে মেডিকেলত নাম ভৰ্ত্তিৰ সুবিধা লাভ কৰাৰ বিপৰীতে বাকী ৭ গৰাকীয়ে কোৱালিফাইড হৈছে ৷ শোভাযাত্ৰাৰ অন্তত ৰিজ’লোছন একাডেমীৰ সভাগৃহত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত নীটত উৰ্ত্তী ণ দিত্তীকা পেগু আস্থা মহন্তই, অনুস্কা পেগু, অৰ্পিতা মহন্ত, কৰবী কোঁৱৰে চিন্ময়ী নৰহ, কস্তূৰীকা সন্দিকৈ, প্ৰীতি হাজৰিকা, শুভাৰাণী মৰাং প্ৰিয়ম প্ৰীতি কুম্বাঙক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, মৰিধল মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° সমীৰণ উপাধ্যায়, সদৌ অসম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দীপক শৰ্মা, ডাঃ কৈলাস বৰপাত্ৰ, ধেমাজি জিলা আছুৰ উপসভাপতি ঝতুপৰ্ণ কোঁচ, গোগামুখ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰীমা পেগু আদিয়ে ৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে আই আই টিয়ান, তথা ৰিজ’লোচছন একাডেমীৰ চুপাৰ-৩০-ৰ পৰিকল্পনা প্ৰৱন্ধক মিগম টায়ুঙে ৷
অনুষ্ঠানটো আঁত ধৰে যুৱ সমাজকৰ্মী চন্দন পেগুৱে ৷ অনুষ্ঠানৰ পূৰ্বে ৰিজ’লোছন একাডেমীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে স্তুতি গীত, সৰাস্বতী বন্দনা গীত আৰু সমবেত সংগীত পৰিৱেশন কৰে ৷ অনুষ্ঠানত উপ স্থিত থাকি ৰিজ’লোছন একাডেমীৰ পৰিছালন সঞ্চালক শশীন্দ্ৰ দলেয়ে ৰিজ’লোছন একাডেমীৰ এই সফলতাৰ বাবে তেওঁলোকৰ শুভাকাংক্ষী, ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আৰু গোগামুখবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷