১৪ জুনঃ NEET Result 2025 । ঘোষিত সৰ্বভাৰতীয় নেচনেল ইলেজিবিলিটি আৰু এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট পৰীক্ষাত ধেমাজি জিলাৰ গোগামুখৰ অন্যতম ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান গোগামুখ ৰিজ’লোছন একাডেমীয়ে সুন্দৰ ফলাফল লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ গোগামুখ আৰু ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
এন টি এ-ৰ দ্বাৰা পৰিচালিত উক্ত পৰীক্ষাত গোগামুখ ৰিজ’লোছন একাডেমীৰ পৰা মুঠ ১৭ গৰাকীয়ে উক্ত সন্মানীয় পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ ইয়াৰে দিত্তীকা পেগুৱে ৪৬০, আস্থা মহন্তই, ৪৬৬, অনুস্কা পেগুৱে ৪২৭, অৰ্পিতা মহন্তই ৪২৪, কৰবী কোঁৱৰে ৪১৯, চিন্ময় নৰহে ৪১৭, কস্তূৰীকা সন্দিকৈয়ে ৩৯৮, প্ৰীতি হাজৰিকাই ৩৯৫, শুভাৰাণী মৰাং ৩৯০, প্ৰিয়ম প্ৰীতি কুম্বাঙে ৩৮১ নম্বৰ লাভ কৰি চিকিৎসা মহাবিদ্যালয়ত স্থান পোৱাটো প্ৰায় নিশ্চিত কৰিছে ৷
উল্লেখনীয় যে, বিগত ২০২৪ চনত ৰিজ’লোছন একাডেমীয়ে নিজাববীয়া প্ৰচেষ্টাত টীম ৩০ নাম নীট পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ পোন প্ৰথমবাৰৰ বাবে আৱাসিক ক’চিং আৰম্ভ কৰিছিল ৷ উক্ত আৱাসিক ক’চিং ক্লাছ শুভাৰম্ভ কৰিছিল অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
ৰিজ’লোছন একাডেমীয়ে উক্ত ক’চিং ক্লাছৰ বাবে অসমৰ বাহিৰৰ অভিজ্ঞ শিক্ষকক আমন্ত্ৰণ কৰিছিল ৷ ৰিজ’লোছন একাডেমীৰ পৰিচালন সঞ্চালক শশীন্দ্ৰ দলেয়ে জনোৱা মতে এই সাফল্যৰ বাবে ৰিজ’লোছন একাডেমীয়ে দীৰ্ঘদিনীয়াকৈ কষ্ট কৰিবলগা হৈছে ৷ আমাৰ এই যাত্ৰাত ৰিজ’লোছন প্ৰতিগৰাকী শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীক হিয়াভৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ আপোনালোকৰ আশীৰ্বাদ অবিহনে আমাৰ এই সফল যাত্ৰা সম্ভৱ নহ’লহেঁতেন ৷ নীটত উৰ্ত্তীণ হোৱা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী আৰ্থিক বাবে অতিকৈ দুৰ্বল আছিল বুলি শশীন্দ্ৰ দলেয়ে আমাক জানিবলৈ দিছে ৷