Breaking

ক’ৰোনাৰ মাজতে দেওবাৰে এনইইটি

0 1,299

দৈনন্দিন বাৰ্তা ডেস্ক : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অহা ১৩ ছেপ্টেম্বৰত অৰ্থাৎ দেওবাৰে দেশজুৰি এনইইটি অনুষ্ঠিত হ’ব ৷ ক’ৰোনাৰ বাবে পৰীক্ষাৰ্থীৰ সুৰক্ষাৰ কথা ভাবি কেতবোৰ নিয়ম গ্ৰহণ কৰা হৈছে ৷ নতুন নিৰ্দেশনা মতে পৰীক্ষাৰ্থীৰ পোচাক আৰু পৰীক্ষা কেন্দ্ৰলৈ অনা সামগ্ৰীক লৈ কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে ৷ ড্ৰেছ ক’ডৰ ক্ষেত্ৰত কোৱা হৈছে যে মাস্ক বাধ্যতামূলক ৷ পৰীক্ষাৰ্থীয়ে গ্ল’ভছ আৰু ফেচ শ্বিল্ড ব্যৱহাৰ কৰিব পাৰিব ৷ মহামাৰীৰ লগত সামঞ্জস্য ৰাখি পাতল ঢিলা জিনছ্, টি শ্বাৰ্ট, কুৰ্তি, চেলোৱাৰ, লং স্কাৰ্টৰ দৰে পোচাক পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে ৷ টাইট, ডাঙৰ বুটাম ফুল হাতৰ পোচাক নিপিন্ধাই উচিত ৷ জুটাৰ ছোল বেছি ডাঙৰ হ’লে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰা হ’ব ৷ ধৰ্মীয় কোনো অলংকাৰ বাদ দি আন কোনো অলংকাৰ পিন্ধিবলৈ দিয়া নহ’ব ৷ পাগুৰি, মুৰত স্কার্ফ পিন্ধিব পাৰিব ৷ তাতো প্ৰয়োজন হ’লে পৰীক্ষা কৰা হ’ব পাৰে৷ হেডফোন, ব্লুটুথ, যিকোনো ধৰণৰ ঘড়ী পিন্ধাৰ অনুমতি নাই ৷ আনহাতে পৰীক্ষা কেন্দ্ৰলৈ আনিব পাৰিব কেইটামান সামগ্ৰী ৷ সেইকেইটাৰ ভিতৰত এডমিট কাৰ্ড, ডিক্লেয়াৰেচন ফৰ্ম, চৰকাৰী পৰিচয় পত্ৰ ৷ পৰীক্ষাৰ্থী বিশেষভাৱে সক্ষম হ’লে তাৰ প্ৰমাণপত্ৰ ৷ তাৰ তগতে বল পইণ্ট পেন, পানীৰ স্বচ্ছ বটল, ছেনিটাইজাৰ নিব পাৰিব৷ আনহাতে বেগ, কিতাপ, ষ্টেচনাৰী সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব ৷ একপি ৰঙীন ফটো নিব লাগিব৷ ক’ৰোনাৰ বাবে পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে পৰীক্ষাৰ্থীয়ে মানিব লাগিব কেতবোৰ নিয়ম ৷ তাৰ ভিতৰত পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে থাৰ্মেল স্কেন বাধ্যতামূলক ৷ পৰীক্ষাৰ্থীৰ দেহৰ তাপমাত্ৰা ৯৯.৪ ডিগ্ৰী ফাৰেনহাইৰ বেছি হ’লে তেওঁক আইচলেচন কোঠালৈ পঠোৱা হ’ব ৷ সেই কক্ষত পৰীক্ষকে পিপিই পিন্ধি নিৰিক্ষণ কৰিব ৷ স্থানীয় ক’ভিড কেয়াৰ চেণ্টাৰৰ ফোন নম্বৰ পৰীক্ষা কেন্দ্ৰত ৰখা হ’ব ৷ কোনো পৰীক্ষাৰ্থীৰ যদি ক’ৰোনা উপসৰ্গ দেখা যায়, চিকিৎসকে তাতে পৰীক্ষা কৰিব ৷ অৱস্থা অৱনতি হ’লে নিকটৱৰ্তী ক’ভিড চেণ্টাৰত তেওঁক ভৰ্ত্তি কৰা হ’ব৷ পৰীক্ষা শেষ হোৱাৰ পাচত এজন এজনকৈ পৰীক্ষাৰ্থী কেন্দ্ৰৰ বাহিৰলৈ যাব পাৰিব ৷ পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে নতুন মাস্ক দিয়া হ’ব ৷ পৰীক্ষাৰ আয়োজকে জনাইছে যে কেন্দ্ৰৰ বাহিৰত যাতে অভিভাৱকে ভিৰ নকৰে তাৰ দৃষ্টি দিবলৈ আৰক্ষীক অনুৰোধ কৰা হৈছে ৷ উল্লেখ্য যে এইবাৰ এই পৰীক্ষাত প্ৰায় ১৫ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷

Leave A Reply