NEET-UG । ২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET-UG পৰীক্ষাক স্বচ্ছ, নিকা আৰু সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক তথা জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলৰ সৈতে পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে পৰীক্ষা ব্যৱস্থাত কোনো ধৰণৰ অনিয়ম বা অসদুপায়ৰ সুযোগ নিদিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয়।

পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বিশেষ আইনী নিষেধাজ্ঞা বলবৎ কৰা হ’ব। লগতে কোনো ধৰণৰ ইলেক্ট্ৰনিক যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি অসদুপায় অৱলম্বন ৰোধ কৰাৰ উদ্দেশ্যে সকলো পৰীক্ষা কেন্দ্ৰত ‘ম’বাইল জামাৰ’ স্থাপন কৰা হ’ব।
পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগম (ASTC)-ৰ বাছত বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰা হ’ব বুলিও বৈঠকত জানিবলৈ দিয়া হয়। ইয়াৰ উপৰিও সকলো পৰীক্ষা কেন্দ্ৰত CCTV নজৰদাৰীৰ ব্যৱস্থা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হৈছে।
এইবাৰৰ NEET-UG পৰীক্ষাত ৰাজ্যৰ মুঠ ৪৩,৩১৯ গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ ১৭খন জিলাৰ ৮৭টা কেন্দ্ৰত একেলগে পৰীক্ষা অনুষ্ঠিত হ’ব।
ইফালে, পৰীক্ষাৰ গোপনীয়তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্রশ্নকাকত সংৰক্ষণ কৰা বেংকৰ লকাৰসমূহৰ ব্যৱহাৰ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষক সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হয়।
ৰাজ্য চৰকাৰে এইবাৰৰ NEET-UG পৰীক্ষা সুশৃংখল, নিৰাপদ আৰু সম্পূৰ্ণ স্বচ্ছ পৰিবেশত অনুষ্ঠিত কৰিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰিছে।

